শিৱসাগৰ

শিৱসাগৰত আৰম্ভ হ’ল  শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি পূজা

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালৰে পৰা শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত  ঐতিহাসিক শিৱদ’লত প্ৰতিবছৰে শিৱৰাত্ৰিৰ লগতে শিৱৰাত্ৰি মেলা অনুষ্ঠিত কৰি অহা হৈছে ৷  সোমবাৰৰ পৰা ইতিহাস প্ৰসিদ্ধ শিৱদ’ল প্ৰাঙ্গণত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈছে শিৱৰাত্ৰি মেলা ৷  

শিৱসাগৰৰ শিৱদ’ল উন্নয়ন পৰিষদে বিভিন্ন কাৰ্যসূচীৰে ৬ দিনীয়াকৈ আয়োজন কৰা  শিৱৰাত্রি  মেলা সোমবাৰৰ নিশা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। দ’ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ কাৰ্তিকই দত্ত। উদ্বোধনী ভাষণত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, শিৱসাগৰ শিৱৰাত্রিৰ এক সুকীয়া মৰ্যদা আছে । এই শিৱৰাত্রি উৎসৱেৱ যুগে যুগে সমন্বয়ৰ বার্তা প্ৰেৰণ কৰি আহিছে ৷ আধ্যাত্মিক পৰিৱেশত উদযাপিত হৈ আহিছে শিৱৰাত্ৰি। এনে আধ্যাত্মিক উৎসৱ ভাৰতবৰ্ষত খুব কম সংখ্যক ঠাইত দেখিব পোৱা যায়। ক্ৰমান্বয়ে শিৱসাগৰ শিৱৰাত্রি উৎসৱ আৰু মেলা বিশাল ভাৱে উদযাপিত  হৈ আহিছে। শিৱৰাত্রি উৎসৱত প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা  দিশটো আমাৰ বাবে এক সম্প্ৰীতিৰ বার্তা।

আন এক প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে শিৱসাগৰ উন্নয়নৰ বাবে  চৰকাৰে ঐতিহাসিক ৰংঘৰৰ বাকৰিত ভূমি সংৰক্ষণেৰে ১৪০কোটি টকা মোকোলাই দিছে আৰু ইয়াৰ যাবতীয় কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। আমি ঐতিহাসিক সম্পদ সমূহ ৰক্ষণাবেক্ষণ দিবলৈ হ’লে প্ৰথমতে আমি বেদখল মুক্ত কৰিব লাগিব বুলি তাৎপৰ্য  মূলক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ তথা বুৰঞ্জীবিদ ড° দায়ানন্দ বৰগোহাঞিয়ে  কয় যে স্বৰ্গদেউ সকলে জাতপাত তথা ভেদভাৱ হীন সমাজ গঢ়িছিল । ১২২৮ চনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আজিৰ অসমত সমন্বয় সম্প্ৰীতিৰ  এক পৰিবেশ দুৰ্গা পূজাৰ সময়ত  দেখিবলৈ পোৱা যায়। দ’লত বলী দিবলৈ অনা  প্ৰথম জীৱটো শিৱসাগৰৰ দ’ল প্ৰাংগণৰ পৰাই মুছলমান দৌলা পৰিয়ালক প্ৰদান কৰি আহিছে বুলি শিক্ষাবিদ গৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় স্বৰ্গদেউ সকলে ধৰ্ম নিৰপেক্ষতাক গুৰুত্ব দিছিল ৷ নিজৰ ভাষা আৰু ধৰ্ম প্ৰজাৰ ওপৰত জাপি দিয়া নাছিল ৷ সেইবাবেই স্বৰ্গদেউ সকলক প্ৰজাই অত্যন্ত ভাল পাইছিল ৷

অনুষ্ঠানত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে এই ৬ দিনত শান্তিপূৰ্ণ ভাৱে শিৱপূজা আৰু মেলা অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা হাতত লোৱা বুলি মন্তব্য কৰে ৷ বিশিষ্ট নিবন্ধকাৰ তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই শিৱসাগৰৰ শিৱৰাত্ৰি আৰু মেলাৰ সুকীয়া বৈশিষ্ট্য আছে বুলি মন্তব্য কৰি ৷শিৱৰাত্ৰিৰ সময়ত শিৱসাগৰত দেশ বিদেশৰ অনেক লোক সমবেত হোৱাৰ কথা ব্যক্ত কৰে ৷

অনুষ্ঠানত উপস্থিত থাকি এনামউদ্দিন আহমেদে কয় যে আহোম স্বৰ্গদেউসকলে দেশ আৰু জাতিৰ হৈ কৰি যোৱা কামৰ বাবে যুগে যুগে পূজ্য হৈ থাকিব ৷ স্বৰ্গদেউ সকলে দেশ আৰু প্ৰজাৰ বাবে ত্যাগ স্বীকাৰ কৰিছিল ৷ নিজৰ বা সন্তানৰ সুক্ষিত ভবিষ্যতৰ বাবে কোনো দিনাই লুণ্ঠন চলোৱা নাছিল ৷ সেই বাবেই দুকুৰিজনা স্বৰ্গদেউৰ ঘৰ, মাটি আনকি ঘৰৰ ভেটিও নাই ৷ যি ঘটিছিল দেশ আৰু জাতিৰ বাবেহে ঘটিছিল ৷ স্বৰ্গদেউ সকলক সেইবাবেই প্ৰজাই দেৱতাৰ আখ্যা দিছিল বুলি এনামউদ্দিন আহমেদে মন্তব্য কৰে ৷

বসন্ত গগৈ এই দ’ল মন্দিৰ আৰু কিমানদিন অক্ষত অৱস্থাত থাকিব বুলি সন্দেহ ব্যক্ত কৰে ৷ তেওঁ কয় যমুনা বেদখলমুক্ত কৰিব লাগে ৷ নহ’লে শি’ৱদল আৰু পুখুৰী এদিন ধবংসৰ মুখত পৰিব ৷ জয়সাগৰৰ সদা জাগ্ৰত ৰংগনাথ মন্দিৰ ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ সম্পদ ৷ কিন্ত এই সম্পদলৈ  যোৱাৰ পথ নাই ৷ মানুহৰ ঘৰৰ ভিতৰৰ পানী আহি মন্দিৰত সোমাই ৷ এই দিশত গুৰুত্ব দিবলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীক আহ্বান জনায় ৷

অনুষ্ঠানত গীতালি দুৱাৰ, শৰৎ হাজৰিকা,  সাংবাদিক ইনামূল হাজৰিকা, অতনু বৰা,আধিবক্তা বিকাশ দে, অধ্যাপক ড° দিব্য ৰাজখোৱা, ৰাজেন বৰগোহাঁই, প্রদীপ খেমকা, চন্দন ফুকন ,তনু কোঁৱৰ আদি ব্যক্তি মঞ্চত উপস্থিত থাকে। অনুষ্ঠানৰ পূৰ্বে পদ্মা চেতিয়া নেতৃত্বত ৰংপুৰীয়া মহিলা সমাজৰ ৫৫গৰাকী মহিলাই এটি শিৱ আৰাধনা গীত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

এই উদ্বোধনী অনুষ্ঠানৰ অন্তত সূৰ্যোদয় নাট্য গোষ্টী শিল্পী সকলৰ দ্বাৰা "নৃসিংহ অৱতাৰ" ভাওনা প্ৰদৰ্শন কৰা হয়। ইফালে মঙ্গলবাৰ ৫মাৰ্চৰ সন্ধিয়া শিৱ বন্দনাৰ লগতে "মৰুত ৰাজৰ সুৱৰ্ণ মৃগ লাভ" ভাওনাখন উদ্বোধন কৰিব যোৰহাট মহাবিদ্যালয়ৰ  বুৰঞ্জী বিভাগৰ অধ্যাপক ড° সমিত্ৰ পূজাৰীয়ে। ইয়াৰোপৰি ৬ আৰু ৭ মাৰ্চৰ সন্ধিয়া বিভিন্ন ভক্তিমূলক অনুষ্ঠান অনুস্থিত হ’ব। আনহাতে ৮ মাৰ্চৰ সন্ধিয়া শিৱ বন্দনাৰ লগতে লক্ষ্মীনন্দন লালন আৰু বিপ্লৱ কোঁৱৰৰ পৰম্পৰাগত লোক সংগীত পৰিৱেশন। ৯ মাৰ্চৰ সন্ধিয়া ভক্তিমূলক সংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। উক্ত সংগীত অনুষ্ঠানত "হৰ হৰ সম্ভূ" খ্যাত অবিলাষা পাণ্ডেই গীত পৰিৱেশন কৰিব বুলি দ'ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে  জানিবলৈ দিছে।