শিৱসাগৰ

"ONGC গাড়ী নিবিদাত ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব"- জাতীয় সংগ্ৰামী সেনা

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ তেল আৰু প্ৰাকৃতিক গ্ৰেছ নিগম চমুকৈ অ’ এন জি চিয়ে নিবনুৱা যুৱক-যুৱতীক সংস্থাপন বাট মুকলি দিয়াৰ উদ্দেশ্যৰে মাজে সময়ে লঘু বাহনৰ নিবিদা প্ৰকাশ কৰি আহিছে। এই নিবিদাৰ জৰিয়তে কিছুসংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ বাট দেখা পাইছে যদিও ইয়াৰ বেছিভাগ সুবিধা ভোগ কৰি আহিছে  বিশেষ কেইজনমান ধনৱন্ত ঠিকাদাৰ, পুঁজিপতি গোষ্ঠীৰ লগতে চৰকাৰী চাকৰিয়ালে। যাৰ বাবে অ’এনজিচিৰ সুবিধাৰ পৰা প্ৰকৃত নিবনুৱাসকল বঞ্চিত হৈ আহিছে।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ৷ যোৱা ২১ জুলাইত অ’এনজিচিয়ে লঘু বাহনৰ ক্ষেত্ৰত যি নিবিদা প্ৰকাশ কৰিছে তাত বহুতো বিসংগতি থকা বুলি শনিবাৰে জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই প্ৰকাশ কৰে। এক বিবৃতি যোগে তেওঁ কয় যে, এই নিবিদা সম্পূৰ্ণৰূপে কিছুসংখ্যক পুঁজিপতি গোষ্ঠী, পূৰ্বৰ অ’এনজিচিৰ ঠিকাদাৰৰ স্বাৰ্থত প্ৰকাশ কৰা হৈছে। এই নিবিদাত অসমৰ নতুনকৈ উঠি অহা থলুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ কোনো পথ নাই। একপ্ৰকাৰে অ’এনজিচিয়ে থলুৱা নিবনুৱাক প্ৰতাৰিত কৰিছে । যাৰ বাবে আজি জাতীয় সংগ্ৰামী সেনা, অসম আৰু অসম যুৱ ছাত্ৰ সন্মিলনীৰ হৈ জিণ্টু মেচে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অ’এনজিচিৰ কাৰ্যবাহী সঞ্চালকলৈ স্মাৰকপত্ৰ প্ৰদান কৰি তিনিটা দাবী উত্থাপন কৰে ।

সেই দাবীসমূহ হ'ল-

 ১) শেহতীয়াকৈ অ’এনজিচি ত লঘু বাহনৰ সন্দৰ্ভত প্ৰকাশ পোৱা নিবিদাত ২০% নতুন নিবনুৱাক অগ্ৰাধিকাৰ দিব লাগিব ।

২) অভিজ্ঞতাৰ সন্দৰ্ভত অ’এনজিচিয়ে বিষয়টো পুনৰ বিবেচনা কৰিব লাগিব । 

৩) পূৰ্বৰ পৰা যি সমূহ পুঁজিপতি গোষ্ঠী, ঠিকাদাৰে অ’এনজিচিত ডাঙৰ গাড়ী যোগানধৰি আহিছে তেওঁলোকক লঘু বাহনৰ নিবিদাৰ পৰা বিৰত ৰাখক । 

সংগঠনটোৱে কয় যে- তেল আৰু প্ৰাকৃতিক গ্ৰেছ  অসমৰ জাতীয় সম্পদ। অসমৰ প্ৰতিজন নিবনুৱাৰ অ’এনজিচিৰ ক্ষেত্ৰত মাত মতা আৰু কাম কৰাৰ অধিকাৰ আছে । কেইজনমান মুষ্টিমেয় মানুহে  অ’এনজিচিক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি থাকিব নোৱাৰিব। সংগঠন দুটাৰ দাবীসমূহ যদি অ’এনজিচিৰ শীৰ্ষ কৰ্তৃপক্ষই মানি নলয় তেন্তে তেওঁলোকে গণতান্ত্ৰিক মাধ্যমেৰে অ’এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদত বহিবলৈ সাজু বুলি স্পষ্ট কৰি দিছে ।