শিৱসাগৰ

ডিমৌত হুঁচৰি দলক দুৰ্বৃত্তৰ আক্রমণ, নাচনীক প্ৰহাৰৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিমৌত হুঁচৰি দলক আক্ৰমণৰ দৰে এক ঘটনা সংঘটিত হৈছে । অভিযোগ অনুসৰি কাৰেং নামৰ হুঁচৰি দলৰ সৈতে সংঘটিত হৈছে এনে ঘটনা । দুৰ্বৃত্তই বাহন আগুচি ধৰি বিহুৱা বিহুৱতীৰ দলটোৰ সৈতে সংঘটিত কৰিছে এনে দুষ্কাৰ্য ।

৭-৮ জনীয়া দুৰ্বৃত্তৰ দলটোৱে হঠাৎ আগুচি ধৰে হুঁচৰি দলটোৰ বাছ । বাছ ৰখাই দুৰ্বৃত্তৰ দলটোৱে হুঁচৰি দলটোৱে বিহুৱা লগতে নাচনীকো প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে । বাছ আগুৰি ধৰা সমগ্ৰ দৃশ্য বন্ধী হৈছে কেমেৰাত ।

পালেঙী আঞ্চলিক বিহু সন্মিলনলৈ আমন্ত্ৰণ জনোৱা গড়গাঁওৰ কাৰেং হুঁচৰি দলৰ সদস্য সকলক আক্ৰমণ কৰে সুৰাসক্ত উদণ্ড যুৱকৰ এটা দলে।

উদণ্ড যুৱকৰ দলটোৱে পালেঙী আঞ্চলিক বিহু সন্মিলনত হুঁচৰি মাৰি উভতি অহা সময়তে হুঁচৰি দলটোৰ গাড়ীখন আগুছি ধৰি বিহুৱা আৰু নাচনী সকলক আক্ৰমণ কৰাত দলটোৰ কেইবাজনো সদস্য আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ । ডিমৌ আৰক্ষীয়ে হুঁচৰি দলটোৰ আঘাতপ্ৰাপ্ত সকলক ডিমৌ আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰি আক্ৰমনকাৰী দলটোৰ অনুসন্ধান অব্যাহত ৰাখিছে।

এনেদৰে বাছ ৰখাই দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰা কাণ্ডক এতিয়া সকলোৱে একেমুখে গৰিহণা প্ৰদান কৰিছে ।