শিৱসাগৰ

অসম আন্দোলনৰ নেতা অঞ্জন ফুকনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম আন্দোলনৰ নেতা,শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী অঞ্জন ফুকন (৬১) আৰু নাই ৷ বৃহস্পতিবাৰে দিনৰ ১১-৩০ বজাত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

তেওঁ অসম আন্দোলনৰ আৰম্ভণিৰে পৰা প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ লগতে বহু সময়ত তেওঁ সন্মুখৰ পৰা আছুক  নেতৃত্ব প্ৰদান কৰিছিল ৷ যাৰ বাবে অঞ্জন ফুকন চৰকাৰী বাহিনীৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হ’ব লগাত পৰিছিল ৷ অসম আন্দোলনৰ সময়ত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৷

ইয়াৰ উপৰিও তেওঁ বিদেশী বহিস্কাৰ আন্দোলন তীব্ৰতৰ কৰাৰ বাবে কেইবাবাৰো কাৰাবন্দী হ’বলগাত পৰিছিল ৷  আপোচহীন তথা নিৰ্ভিক নতা, সমাজকর্মী তথা ব্যৱসায়ী অঞ্জন ফুকন  মৃত্যুৰ বাতৰিয়ে শিৱসাগৰ বাসীক শোকস্তব্ধ কৰি তুলিছে । আজি দিনৰ প্ৰায় ১০ বজাত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে  শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও প্ৰায় ডেৰ ঘন্টাৰ পিছতেই তেওঁৰ মৃত্যু হোৱা  বুলি চিকিৎসকে ঘোষণা কৰে ।

তাৰ পিছতেই প্ৰাক্তন আছু নেতা গৰাকীৰ নশ্বৰ দেহ স্ব গৃহলৈ নিয়া হয় ৷ শিৱসাগৰ জিলা ছাত্ৰ সন্থা লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তিয়ে তেওঁৰ নশ্বৰ দেহত  শ্রদ্ধাজলি জনায়। অবিভক্ত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ঐতিহাসিক অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি  অঞ্জন ফুকনৰ বাসগৃহত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ হৈ  সমীৰণ ফুকনে পুষ্পাঞ্জলি অৰ্পণ কৰো ৷

তেওঁৰ  বিয়োগত ছাত্ৰ সন্থা পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ তেওঁৰ মৃত্যুত অসম আন্দোলনৰ নেতা তথা বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকন , প্ৰাক্তন আছু নেতা শৰৎ হাজৰিকা, অগপ নেতা ৰূপম কাকতিকে ধৰি অনেক লোকে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এজন পুত্ৰ আৰু এগৰাকী জীক ইহ সংসাৰত এৰি থৈ যায় ৷