শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ...
শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ... 
অসম

শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ১৯৯৮ চনতে নগাঁও জিলাৰ সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়া প্ৰতিষ্ঠা হৈছিল। গৌৰৱোজ্জ্বল ২৫ বছৰ উপলক্ষে শিক্ষানুষ্ঠানখনিৰ ৰূপালী জয়ন্তী বৰ্ষটি যোৱা ২০২২ চনৰ ২১ জুনাৱাৰী পৰা ২০২৩ চনৰ ২১ জানুৱাৰীলৈ বৰ্ষজোৰা ভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ আছে।

আজি এই শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে নিকেতনৰ আচাৰ্য-আচাৰ্যা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ বিষয়-ববীয়া, প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সদস্য, অতিথিসকলৰ উপস্থিতিত পুৱাৰে পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। কাৰ্য্যসূচী অনুসৰি আজি পুৱা বন্তি প্ৰজ্বলন কৰে ভোগবাৰী সত্ৰৰ সত্ৰাধিকাৰ লীলা মহন্তই।

বন্তি প্ৰজ্বলনৰ পাছতে শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতি তথা ৰূপালী জয়ন্তী উদযাপনৰ সমিতিৰ সভাপতি নৱকমল ৰাজাই মূল পতাকা উত্তোলন কৰাৰ পাছতে শিশু নিকেতনৰ লগত জড়িত অঞ্চলৰ ২৫ গৰাকী গণ্য মান্য ব্যক্তিয়ে একেলগে ২৫খন পতাকা উত্তোলন কৰে। ১০ বজাত প্ৰয়াত হীৰেন হিলৈদাৰী সোঁৱৰণত কলা আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰসন্ন কুমাৰ কলিতাই।

দুপৰীয়া অনুষ্ঠিত মুকলি সভা সঞ্চালনা কৰে প্ৰধান শিক্ষক বাপধন মহন্তই। নিকেতনৰ প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা নৃপেন বৰ্মন, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসকে আদি কৰি কেইবাগৰাকী বিশেষ ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

বিয়লি প্ৰাক্তন ছাত্ৰ ভাৰতীৰ মত বিনিময় অনুষ্ঠানত পল্লৱ জ্যোতি শইকীয়া, প্ৰদূন্ন্য পল শইকীয়া, শিৱ প্ৰসাদ বৰা, মনোৰঞ্জন শইকীয়া, জ্যোতিৰ্ময় হাজৰিকাকে আদি কৰি বহু প্রাক্তন ছাত্ৰই নিকেতনৰ অতীত সোঁৱৰি মত বিনিময় কৰে। বিয়লি ৪ বজাৰ পৰা আচাৰ্য ভদ্ৰেশ্বৰ বৰাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে ভৱ্যা দৰ্শিনী শইকীয়া আৰু সংগীবৃন্দই পৰিবেশন কৰা বৰগীতৰ পাছতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ছাত্ৰ-ছাত্ৰীসকলে সত্ৰীয়া নৃত্য, দিহানাম, সমবেত সংগীত, আধুনিক গীতৰ মনোমোহা অনুষ্ঠান পৰিবেশন কৰে।

আনহাতে দেওবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিব সমাজকৰ্মী ৰোহিনী বৰাই। দুপৰীয়া অনুষ্ঠিত হ'বলগিয়া মুকলি সভাত ভাষণ প্ৰদান কৰিব বিশিষ্ট সাংবাদিক তথা অসম চৰকাৰৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। ৪ বজাৰ পৰা অনুষ্ঠিত হ'বলগিয়া সাংস্কৃতিক অনুষ্ঠানত লোকবাদ্যৰ অনুষ্ঠানৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই গীত পৰিবেশন কৰিব।