প্ৰতীকী আলোকচিত্ৰ
প্ৰতীকী আলোকচিত্ৰ
শিলচৰ

ভাড়াঘৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাড়াঘৰত ডিঙিত চিপ লৈ থকা অৱস্থাত মহিলাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শিলচৰ ৰংপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পৰকীয়া প্ৰেমৰ বাবেই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷

জানিব পৰা মতে, কাছাৰৰ কাশিপুৰৰ এগৰাকী মহিলা দীৰ্ঘদিনৰ পৰা শিলচৰ ৰংপুৰত এটা ভাড়াঘৰত আছিলে ৷ মহিলা গৰাকীৰ আছে এটা সন্তানো । দেওবাৰে হঠাৎ স্থানীয় লোকে ভাড়াঘৰৰ ভিতৰত মহিলা গৰাকীৰ ডিঙিত চিপ লৈ থকা অবস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷

ইপিনে স্থানীয় লোক সকলৰ মতে এই মৃত্যুৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে ৷ কিয়নো ভাড়াঘৰত মহিলা গৰাকী অকলে আছিলে । কিন্তু ৰাজু দেব নামৰ যুৱক এজন প্ৰতিদিনেই এই ভাড়াঘৰত অহা যোৱা কৰিছিলে ৷

প্ৰথমে প্ৰতিৱেশী সকলে ৰাজু দেবক মহিলা গৰাকীৰ স্বামী বুলি ভাৱিছিল যদিও পিছত গম পায় যে ৰাজু মহিলা গৰাকীৰ স্বামী নহয় । যাৰ বাবে এই মৃত্যুৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশই । আনহাতে ৰাজু দেবৰ ভাষ্যক লৈ ও ৰহস্যৰ সৃষ্টি কৰিছে । সমগ্ৰ ঘটনা লৈ আৰক্ষীৰ তদন্ত অব্যাহত ।