অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ...
অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ... 
শিলচৰ

অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: মাত্ৰ তিনি দিন পূৰ্বে পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰি মঙলবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিবাদত শিলচৰৰ‌ অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল। বিশ্ববিদ্যালয় কতৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰদৰ্শন কৰি বিশ্ব বিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ইলেক্ট্ৰনিক, কম্পিউটাৰ চায়েঞ্চ আৰু এগ্ৰীকালছাৰ বিভাগৰ পৰীক্ষা তিনি দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সূচী প্ৰকাশ কৰাৰ পিছতে ক্ষুদ্ধ হৈ পৰে শিক্ষাৰ্থীসকল। বিশ্ব বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত তলা লগাই শিক্ষাৰ্থীসকলে বিশ্ব বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তাল কৰে।

গেটবন্ধ কৰি প্ৰফেছাৰ আৰু কৰ্মচাৰীসকলক বিশ্ব বিদ্যালয়ত প্ৰবেশত বাধাও‌ প্ৰদান কৰে প্ৰতিবাদীসকলে। পৰীক্ষাৰ সূচী ৭ দিন পূৰ্বে ঘোষণা কৰাৰ UGCC নিয়ম ভংগ কৰি মাত্ৰ তিনি দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লোৱা সিদ্ধান্ত বাতিল কৰি ৭ দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে পৰীক্ষাৰ্থীসকলে। তদূপৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ আন কিছুমান ছাত্ৰ বিৰোধী সিদ্ধান্তৰো তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে।