শিলচৰ

মাতৃৰ লগত ভোটাধিকাৰ সাব্যস্ত কৰিলে সূৰ্যকান্ত সৰকাৰে

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ সাংসদ নিৰ্বাচিত হ'লে শিলচৰবাসীৰ সমস্যাসমুহ সংসদত উত্থাপন কৰিব বুলি মন্তব্য কৰিছে শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰে। তাৰবাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইবাৰৰ নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে।

উল্লেখযোগ্য যে জন্মদাতৃ মাতৃক লগত লৈ শুকুৰবাৰে শিলচৰৰ জিচি কলেজ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাবস্ত্য কৰে। একেটা ভোটকেন্দ্ৰত ভোটদান কৰে শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে। এইবাৰ নিৰ্বাচন গণতন্ত্ৰ আৰু মৌলিক অধিকাৰ ৰক্ষাৰ নিৰ্বাচন। বৰাক উপত্যকাক কৰা বঞ্চনাৰ নিৰ্বাচন বুলি মন্তব্য কৰে ‍শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে।