শিলচৰ

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু শিলচৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ শুকুৰবাৰে শিলচৰতো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। শিলচৰ লোকসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ১৫৫১ টা। ইতিমধ্যে বুধবাৰে ধলাই লক্ষীপুৰ আৰু কাটিগৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬১০ টা ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া সকল ৰাওনা হৈছে। আজি শিলচৰ,সোণাই,উদাৰবন্দ আৰু বৰখলা সমষ্টিৰ অন্তৰ্গত মুঠ ৯৪১ টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ভোট কৰ্মী সকল।

শিলচৰ ৰামনগৰস্থিত আই এছ বি টি আৰু আই এছ টি টিৰ পৰা ভোটগ্ৰহণ কৰ্মীসকলে ইভিএম সহ অন্যান্য সামগ্ৰী লৈ নিজ নিজ গন্তব্যস্থলীলৈ ৰাওনা হৈছে।শিলচৰ লোকসভা সমষ্টিত এইবাৰ‌ ২১০ টা ভোটকেন্দ্ৰত মহিলা ভোট কৰ্মীয়ে ভোট গ্ৰহণ কৰিব। এই কেন্দ্ৰ সমূহত মুঠ ১,১০০ মহিলা ভোট কৰ্মী নিয়োজিত কৰা হৈছে।আনহাতে,দিব্যাংগ আৰু আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা ক্ৰমে ৭ আৰু ১৬ টা।