শিলচৰ

শিলচৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: লৌহ মানৱ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে আজি দেশজুৰি একতা দিৱস পালন কৰা হয়। সমগ্ৰ দেশৰ লগতে মঙলবাৰে শিলচৰতো পালন কৰা হয় একতা দিৱস। এই উপলক্ষে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত শিলচৰত এক একতা দৌৰৰ আয়োজন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যলয়ৰ পৰা আৰম্ভ কৰা এই একতা দৌৰৰ ফ্লেগ অফ কৰে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

জিলা আয়ুক্তৰ কাৰ্যলয়ৰ পৰা আৰম্ভ কৰা পদ যাত্ৰা পুলিচ পেৰেড গ্ৰাউণ্ডত শেষ হয়। তাতে আৰক্ষী প্ৰশাসনৰ উদ্যোগত পেৰেডৰ আয়োজন কৰাৰ লগতে উপস্থিতিত আৰক্ষী, জিলা প্ৰশাসন, ছাত্ৰ ছাত্ৰী আৰু এন চি চিৰ কেডেটসকলক শপত পাঠ কৰোৱাই আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।

ইয়াৰ পিছতে এক বিশাল সমদল উলিওৱা হয় । পুলিচ পেৰেড গ্ৰাউণ্ডৰ পৰা যাত্ৰাৰম্ভ কৰা সমদলটোৱে শিলচৰ চহৰৰ কেবাটাও পথ পৰিক্ৰমা কৰে। সমদলত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন কৰ্ম আৰক্ষীৰ বিভিন্ন গোট, বেণ্ড, গৃহৰক্ষী বাহিনী,এনছিছি সহ কেবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ‌ গ্ৰহন কৰে।