শিলচৰ

শিলচৰৰ পেট্ৰ'ল পাম্পত গেছৰ টেংকাৰত অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰঃ শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড। বৃহস্পতিবাৰে পুৱা ৰাম নগৰৰ এটা পেট্ৰ'ল পাম্পত ৰখাই থোৱা অৱস্থাত হঠাতে টেংকাৰখনত জুইৰ সূত্ৰপাত ঘটে। টেংকাৰখনৰ পৰা জুই আৰু ধোৱা ওলোৱা মাত্ৰকে পেট্ৰ'ল পাম্পত থকা লোক সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়।

তাৎক্ষণিকভাৱে পেট্ৰ'ল পাম্পৰ পৰা জ্বলন্ত টেংকাৰখন টানি পথলৈ লৈ অনা হয় ফলত কথমপি ৰক্ষা পৰে পেট্ৰ'ল পাম্পৰ সমীপৰ কেবাখনো দোকান আৰু অন্যান্য যানবাহন সমূহ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দুখন অগ্নি নিৰ্বাপক বাহিনীৰ‌ গাড়ী উপস্থিত হৈ টেংকাৰখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অৱশ্যে,সেই সময়ত টেংকাৰখনত কোনো লোক নাছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।