শিলচৰ

শিলচৰত চান্দা পাৰ্টিৰ গুণ্ডামি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ পৰা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । আনকি চান্দা পাৰ্টিক নিয়ন্ত্ৰণ কৰাৰ বাবে যোৱা কেইবামাহ পূৰ্বে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে কেইবাটাও Toll free নম্বৰ মুকলি কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো যেন ৰাজ্যত নিয়ন্ত্ৰণ হোৱা নাই চান্দা সংস্কৃতি ।

যোৱা কেইদিন ধৰি ৰাঙিৰখাৰি অঞ্চলৰ একাংশ যুৱকে শনি পূজাৰ নামত বিভিন্ন বাহনৰ পৰা জোৰজৱৰদস্তি গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে । বাছ, আটো, ট্ৰেভেলাৰ সহ বিভিন্ন যাত্ৰীবাহী বাহনৰ পৰা শনি পূজাৰ চান্দাৰ নামত চালক তথা যাত্ৰীক হাৰাশাস্তি কৰিছে এই সকলক যুৱকে ।

চান্দা দিয়াত অস্বীকাৰ কৰিলে বাহনৰ চালকক মাৰপিট কৰাৰ অভিযোগ উদণ্ড যুৱক সকলৰ বিৰুদ্ধে । চহৰৰ মাজমজিয়াত এই সকল যুৱকে যোৱা কেইদিমানৰ পৰা এনে কাৰ্য্য সংঘটিত কৰি আহিছে যদিও নীৰৱ আৰক্ষী প্ৰশাসন ।

উদণ্ড যুৱকৰ দলটোৱে বাহন উঠি চালক এজনক অশ্লীল গালিগালাজ সহ চালক জনক আক্ৰমণৰ চেষ্টা কৰা এক দৃশ্য বৰ্তমান ছ’ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চান্দাৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা এই সকল উদণ্ড যুবকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শিলচৰ চহৰ সহ জিলাৰ সচেতন ৰাইজে