শিলচৰ

শিলচৰত আজিৰে পৰা অনুষ্ঠিত হৈছে গ্ৰন্থমেলা

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শিলচৰত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা।‌ পুলিচ পেৰেড গ্ৰাউণ্ডত শুক্ৰবাৰৰ পৰা অহা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত এই গ্ৰন্থমেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলকাতাৰ বিশিষ্ট কথা সাহিত্যিক তিলোত্তমা মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকে কলকতা গ্ৰন্থমেলাৰ আয়োজক, গ্ৰন্থ প্ৰকাশক ত্ৰিদীপ কুমাৰ চট্টোপাধ্যায় , অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী,কাছাৰৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ বিশিষ্ট ব্যক্তি সকল।

উদ্বোধনী ভাষণত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে প্ৰথম বাৰৰ বাবে শিলচৰত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা।