কাছাৰত পুনৰ তিনি সুদখোৰ গ্ৰেপ্তাৰ...
কাছাৰত পুনৰ তিনি সুদখোৰ গ্ৰেপ্তাৰ...  
শিলচৰ

কাছাৰত পুনৰ তিনি সুদখোৰ গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ সুদখোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। শনিবাৰে ধলাই আৰক্ষীয়ে তিনিজন সুদখোৰক গ্ৰেপ্তাৰ কৰে।

ধৃত সুদখোৰ কেইজন ধলাই জাৰাইলতোলাৰ সন্তোষ কুমাৰ দাস, দেবিপুৰৰ মৃণময় কান্তি দাস, আৰু ৰাজনাৰায়ণ গোৱালা ওৰফে মুন্না। নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত অভিযান চলাই এই তিনিজন সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ইতিমধ্যে এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ধলাই আৰক্ষীয়ে।