Silchar Ucrainan
Silchar Ucrainan 
অসম

অবৈধভাৱে ভাৰতত প্রৱেশ কৰা দুই ইউক্রেনিয়ানক স্বদেশলৈ প্রত্যাৰ্পণ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ইউক্রেনৰ দুই বন্দী নাগৰিকক স্বদেশলৈ প্রত্যাৰ্পণৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। দিল্লীস্থিত ইউক্রেনৰ এম্বেছিক হস্তান্তৰ কৰিব ভাৰত চৰকাৰে। কিছুদিন পূৰ্বে দুই ইউক্রেনিয়ানক নিউ কৰিমগঞ্জত ষ্টেচনত অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল ৰে’ল আৰক্ষীয়ে। দুয়ো শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ ট্রেনিজট কেম্পত বন্দী হৈ আছিল।

কেম্পত বন্দী হৈ থকা বিদেশীদ্বয় ত্রিশাঞ্চকি ভোলোদাইমাৰ, নাজাৰিল ভইজনিউক।উল্লেখ্য যে দুয়োৰে ঘৰ ইউক্রেনৰ জিহিবোমিক ৰিজ’নৰ বাৰ্দিশ্বেছ জিলাত। বৃহস্পতিবাৰে বিদেশীদ্বয়ক নিজৰ জিম্মাত লয় গুৱাহাটী পাণ্ডুৰ ৰে’ল আৰক্ষীয়ে। তাৰ পাছতেই দুয়োকে লৈ শিলচৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে আৰক্ষীৰ দল।