অসম

নৱগ্ৰহত আজি সম্পন্ন হ'ব বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মনৰ শেষকৃত্য

Asomiya Pratidin

ডিজিটেল ডেস্ক: বিশিষ্ট চিন্তাবিদ, সাহিত্যিক শিৱনাথ বৰ্মনৰ আজি অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ হ'ব। নৱগ্ৰহ শ্মশানত বিশিষ্ট সাহিত্যিক গৰাকীৰ শেষ কৃত্য শুকুৰবাৰৰ আগবেলা ভাগতেই অনুষ্ঠিত হ'ব বুলি পৰিয়ালৰ লোকে জানিব দিছে।

চিন্তাবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ অসুস্থতাত নেমকেয়াৰ হস্পাতালত বৃহস্পতিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চিন্তাবিদ গৰাকীয়ে।