অসম

জামুগুৰিহাটৰ পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাণপুৰস্থিত পুৰণিভেটিত সাত দিনীয়া কাৰ্যসূচীৰে শ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ সমাৰোহ অনুষ্ঠিত হৈছে ।

পুৰণিভেটি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী বিষ্ণু চাপকটাৰ পৰিয়ালবৰ্গৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানৰ মূল প্ৰবচক হিচাবে অংশগ্ৰহণ কৰে পণ্ডিত শ্ৰী ভাস্কৰ ভণ্ডাৰীয়ে৷

ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰি পণ্ডিত গৰাকীয়ে কয় শ্ৰী মদ্ভাগৱত কেৱল এটি ধৰ্মীয় গ্ৰন্থই নহয় ই হ'ল ভাৰতীয় সমাজ-সংস্কৃতি, জীৱন দৰ্শনৰ প্ৰতিভূ স্বৰূপ । সাংস্কৃতিক অনুষ্ঠান আদিয়ে মানুহৰ মাজত একতা আৰু ভাতৃত্বৰ বান্ধোন টনকিয়াল কৰে ।

ভাগৱতৰ জ্ঞান মহাযজ্ঞত ৰাইজ আহি অংশগ্ৰহণ কৰে । লগতে সমূহ ৰাইজে এনে এক সুন্দৰ ধৰ্মীয় অনুস্থানৰ প্ৰচেষ্টাক সলাগ লয় ।