প্ৰধান  শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী
প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী  
অসম

ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অসন্মান : প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত নিজৰ দায়িত্বহীনতা আৰু বেপৰোৱা আচৰণৰ বাবে বিভাগীয় অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুদ্ধেশ্বৰ চুতীয়া । এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় প্ৰধানৰ দৰে দায়িত্বশীল আৰু মৰ্যদাপূৰ্ণ পদত অধিষ্ঠিত হৈ নিজ কৰ্তব্য আৰু দায়িত্বৰ প্ৰতি অসচেতন হৈ কাৰ্যভাৰ চলাই যোৱা প্ৰধান শিক্ষকগৰাকীয়ে শুক্ৰবাৰে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি প্রদর্শন কৰিছিল চূড়ান্ত অসন্মান।

বৃহস্পতি বাৰে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সন্ধিয়া নিৰ্দিষ্ট সময়ত অৱনমন নকৰি ওৰে নিশা আৰু শুক্ৰবাৰে পুৱা প্ৰায় ৯-৪৫ বজা পৰ্যন্ত উৰুৱাই ৰাখিছিল এইগৰাকী প্ৰধান শিক্ষক চুতীয়াই। এই সন্দৰ্ভত অৱগত হৈ "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ পৰিদৰ্শন কৰা কালত স্থানীয় ৰাইজ আৰু পথচাৰীয়ে দৃষ্টিকটুভাবে বিদ্যালয় চৌহদত পতাকাখন উত্তোলিত হৈ থকা প্ৰত্যক্ষ কৰে।

ৰাষ্ট্ৰীয় পতাকাৰ সন্মান আৰু মৰ্যদা ভূ লুণ্ঠিত কৰি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে উন্নাসিক আচৰণ সন্দৰ্ভত বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশ হোৱাৰ পাছত ক্ষীপ্ৰতাৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক হেম চন্দ্ৰ শইকীয়াই। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ প্ৰকাশিত বাতৰিৰ উদ্ধৃতিৰে বিদ্যালয় সমূহৰ পৰিদর্শক শইকীয়াই এল ডি চি / পি বি /মাইছ/৮/২০১৮-২০১৯ /৮৮০ নং নিৰ্দেশনা মতে  শুক্ৰবাৰে প্ৰধান শিক্ষকগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে ।

জাননীখনত লখিমপুৰ জিলা  চক্ৰৰ পৰিদর্শক গৰাকীয়ে  অসম সেৱা বিধি ১৯৬৪ ৰ অধীনত উপৰোক্ত প্ৰকাশিত বাতৰি সন্দৰ্ভত কিয় বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব তাৰ লিখিত প্ৰত্যুত্তৰ অহা ৩ দিনৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ত জমা দিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে বিদ্যালয় প্ৰধান গৰাকীৰ বিৰুদ্ধে পূৰ্বেও দেধাৰ দায়িত্বহীন আচৰণ প্রদর্শন কৰাৰ অভিযোগ বহু সময়ত উত্থাপিত হৈ আহিছে । শিক্ষা বিষয়া গৰাকীয়ে শিক্ষক গৰাকীৰ লিখিত প্ৰত্যুত্তৰ লাভৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰে তালৈ ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰিছে ।