অসম

ধুমুহাই তচ-নচ কৰি গ'লঃ কামপুৰত মুকলি আকাশৰ তলত আশ্ৰয় ল'লে ভুক্তভোগীয়ে

Asomiya Pratidin

ডিজিটেল সংবাদ,কামপুৰঃ ধমুহা-শিলাবৃষ্টিয়ে তচ-নচ কৰি গ'ল কামপুৰ-কচুৱা অঞ্চল। সোমবাৰে সন্ধিয়াৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে কামপুৰ ৰাজহচক্ৰৰ অন্তুৰ্গত কামপুৰ -কচুৱাৰ বৃহৎ এলেকাৰ।

কালৰূপ ধাৰণ কৰি অহা ধুমুহাই নিমিষতে ধ্বংসস্তুপত পৰিণত কৰে গৰুবাট মৌজাৰ বিভিন্ন এলেকা। বহুলোকৰ ঘৰ -বাৰী ভাঙি পেলোৱাৰ লগতে শিলাবৃষ্টিয়ে পকিবলৈ ধৰা বড়ো ধানৰ ব্যাপক ক্ষতিসাধন কৰে।

কচুৱা জুৰিপাৰ পঞ্চায়তৰ জুৰিপাৰ,পণ্ডিতঘাট,লিলাঘাট,ধনশিলা ইছলামপুৰ ,বৰবিল,জিতগাঁৱৰ লগতে মাধৱপাৰা,লংজাপ,বকুলগুৰি পঞ্চায়তৰ অন্তৰ্গত গাঁৱসমূহৰো বিস্তৰ ক্ষতিসাধন কৰে। কেইবাখনো বিদ্যালয় গৃহ,ব্ৰয়লাৰ ফাৰ্ম সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ লগতে কেইটাও মচজিদৰো ক্ষতিসাধন কৰে।

আনহাতে ধুমুহাই বাসগৃহ ভাঙি পেলোৱাৰ বাবে বহুলোকে বৰ্তমান মুকলি আকাশৰ তলতে কটাবলগীয়া হৈছে। জানিব পৰা মতে ধুমুহাত বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত অঞ্চলটো বিদ্যুৎ সেৱাৰ পৰাও বঞ্চিত হৈ আছে। ভুক্তভোগীসকলে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা লোৱাৰ দাবী জনায়।