অসম

ভাৰত স্কাউট এণ্ড গাইডৰ প্ৰশিক্ষক নিধীৰাম শইকীয়াৰ পৰলোকপ্ৰাপ্তি

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : ৰন্তকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁৱৰ অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক,ভাৰত স্কাউট এণ্ড গাইডৰ এগৰাকী সুদক্ষ প্ৰশিক্ষক,প্ৰাক্তন খেলুৱৈ,ধৰ্মপ্ৰাণ ব্যক্তি নিধীৰাম শইকীয়াৰ মৃত্যু। বুধবাৰে পুৱতি নিশা নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শইকীয়াৰ পৰলোকপ্ৰাপ্তি হয়।

উল্লেখ্য যে নগাঁও জিলাৰ টাউন মৰকিলঙ নিবাসী অৱসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ। নগাঁও ৰত্নকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ কাল শিক্ষকতা বৃত্তিৰ লগত জড়িত থকাৰ লগতে ভাৰত স্কাউট এণ্ড গাইড নগাঁৱৰ এজন সুদক্ষ প্ৰশিক্ষক আছিল প্ৰয়াত শইকীয়া ৷

ইয়াৰোপৰি এগৰাকী খেলুৱৈ হিছাপে চিনাকি আছিল প্ৰয়াত নিধীৰাম শইকীয়া। মৰিকলং প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘ,প্ৰগতি শাখা সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা নিধীৰাম শইকীয়া এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি হিচাপেও সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত আছিল ৷

উদীয়মান শিক্ষিত যুৱক যুৱতীসকলক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিবলৈ তেওঁ বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছিল ৷ মৰিকলং অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি,অমায়িক,ভদ্ৰ,মৃদুভাষী নিধীৰাম শইকীয়াই মৃত্যুৰ সময়ত পত্নী,দুজন পুত্ৰ,দুগৰাকী বোৱাৰী,জী-জোঁৱাই,নাতি-নাতিনী,তিনিজন ভাতৃসহ অনেক আত্মীয় স্বজনক ইহঁসংসাৰত এৰি থৈ যায় ৷

সৰবৰহী ব্যক্তিজনৰ মৃত্যুত মৰিকলং অঞ্চলত গভীৰ শোঁকৰ ছাঁ পৰিছে ৷