অসম

স্কুল বাছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা- এই নিয়মসমূহ নামানিলে কৰ্তৃপক্ষই ভৰিব লাগিব জৰিমনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্কুল বাছ সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা সকলো স্কুল বাছ হালধীয়া ৰঙৰ হোৱাৰ উপৰিও এই বাছসমূহত চিচি কেমেৰা, জি পি এছ, ছাইৰেন আদিৰ ব্যৱস্থা কৰিব লাগিব। এই নিয়মৰ উলংঘন কৰা স্কুল কৰ্তৃপক্ষক জৰিমণা বিহিব লাগিব।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাত এই কথাও কোৱা হৈছে যে প্ৰতিখন স্কুল বাছত পুৰুষ সহায়কৰ লগতে মহিলা সহায়কো থাকিব লাগিব। ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বহুকেইখন ব্যক্তিগত স্কুলৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়।

কামৰূপ মহানগৰ  জিলা পৰিবহণ বিভাগৰ কাৰ্যলয়ত অনুষ্ঠিত হোৱা এই আলোচনাত ন্যায়ালয়ৰ নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে এই নিয়মসমূহ পালন কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে গুৱাহাটী মহানগৰতে প্ৰায় ১২০০ স্কুল বাছ আছে।

সেই অনুসৰি এতিয়াৰ পৰা বাছৰ পৰিৱৰ্তে যদি সৰু বাহনেৰেও স্কুলৰ শিক্ষাৰ্থীক অনা-নিয়া কৰা হয় তেন্তে সেই বাহনৰ ৰং সলনি কৰি হালধীয়া কৰিব লাগিব। বাহনখনৰ নম্বৰপ্লেটো হালধীয়া ৰঙৰে হ'ব লাগিব।