অসম

১০৫ কোটি টকাৰ কেলেংকাৰীঃ ৬ জনক ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ SCERT কেলেংকাৰী সন্দৰ্ভত ৬জনক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয়। আটাইকেইজনক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে বিশেষ আদালতে।

অভিযুক্ত কেইজন লক্ষীনাৰায়ণ সোণোৱাল, জয়চন্দ্র লহকৰ, ৰমিজুদ্দিন আহমেদ, সাৰংগ ম’ৰে, ৰাজেশ যোশী, ৰুবুল আলী।

উল্লেখ্য় যে, বুধবাৰে কংগ্রেছ নেতা ৰাজেশ যোশীসহক ৬ জনক গ্রেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক।

লক্ষী নাৰায়ণ সোণোৱাল এছচিইআৰটিৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক, ৰাজেশ যোশী হৈছে নিলম্বিত এছচিইআৰটিৰ ভাৰপ্ৰাপ্ত সঞ্চালক শেৱালী দেৱী শৰ্মাৰ জোৱাই আৰু আন তিনিজন এছচিইআৰটি বিষয়া।

বুধবাৰে পুৱাৰে পৰা আটাইকেইজনক লৈ জেৰা চলাইছিল মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

তথ্য অনুসৰি ১০৫ কোটি টকাৰ কেলেংকাৰীত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হয়। ২০১৭ চনৰ পৰা ২০২২ চনলৈ বিভিন্ন পাঠ্যক্ৰমৰ নামত পূজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত। আনহাতে শেৱালী দেৱী শৰ্মা পলাতক বুলি জানিব পৰা গৈছে।