অসম

বকোত চৰকাৰী বিষয়াৰ দ্বাৰা অৱহেলিত - অপমানিত সত্ৰাধিকাৰ বাপ

Asomiya Pratidin

ডিজিটেল সংবাদ, পলাশবাৰী : পলাশবাৰী, ছয়গাঁও আৰু বকো ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰসমূহৰ সত্ৰাধিকাৰ বাপ সকলকলৈ যোৱা কালি (সোমবাৰ) আবেলি ২ বজাত বকোস্থিত জৱহাৰলাল নেহৰু মহাবিদ্যালয়ৰ সভা কক্ষত এখনি সভাৰ আয়োজন কৰি বাপ সকলক পলাশবাৰী, ছয়গাঁও আৰু বকো চক্ৰ বিষয়া সকলে নিমন্ত্রণ জনাই।

সত্ৰধিকাৰ বাপসকলে অতি দুখেৰে জনাই যে, চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাদে সন্ধিয়া ৪- ৪৫ বজালৈ কোনো চৰকাৰী বিষয়া উপস্থিত নাছিল। শেষত সভা কক্ষত উপস্থিত সত্ৰাধিকাৰ বাপৰ আলোচনা মৰ্মে অতি দুখেৰে নিজ নিজ সত্ৰলৈ গুচি যায়।

অধিকসংখ্যক বাপ গুচি যোৱাৰ পিছত বকো চক্ৰ বিষয়াই মহাবিদ্যালয়ত উপস্থিত হয়। গাড়ীৰ বাবে মহাবিদ্যালয় ওচৰতে ৰৈ থকা বাপসকলক বকো চক্ৰ বিষয়া গৰাকীয়ে সভাৰ মুল বিষয়াসকল বৰ্তমানলৈ নগৰবেৰাত থকা বুলি উল্লেখ কৰে।

ৰৈ থকা সত্ৰাধিকাৰ বাপ সকলে যাতায়াত আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজ নিজ ঘৰলৈ উভতি যায়।চৰকাৰী বিষয়া সকলে সত্ৰাধিকাৰ বাপসকলক অৱহেলিত আৰু অপমানিত কৰা বুলিও অভিযোগ উত্থাপন কৰে। এনে অপমান যেন পুনৰবাৰ নহয় তাৰ বাবে অসম সত্ৰ মহাসভাৰ আজীবন সদস্য প্ৰদীপ চন্দ্র নাথ অনুৰোধ জনায়।