অসম

মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা বিধায়ক কাৰ্য্যালয়ত এখন দলীয় সভাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে

মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত মাৰ্ঘেৰিটাৰ বিধায়ক কাৰ্য্যালয়ৰ সভাকক্ষীত অনুষ্ঠিত বিজেপি দলীয় এখন সভাত অংশগ্ৰহণৰ অৰ্থে উপস্থিত হোৱা বিজেপি প্ৰাৰ্থী সোণোৱালক সংগ দিয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা দলৰ টিকট লাভ কৰি মাৰ্ঘেৰিটা উপস্থিত হোৱা সোণোৱালক বিজেপি সমৰ্থকসকলে উষ্ম আদৰণি জনায়। ইয়াৰ পাছতেই অনুষ্ঠিত হোৱা দলীয় সভা সম্বোধন কৰি বিজেপি কাৰ্যকৰ্তাসকলক নতুন উদ্যমেৰে আগন্তুক নিৰ্বাচনত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় সোণোৱালে ৷

উক্ত সভাত তিনিচুকীয়া জিলাৰ বিজেপি দলৰ সভাপতি, তিনিটা মণ্ডলৰ সভাপতিসকল, ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, জিলা সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে বিভিন্ন মৰ্চা, বুথৰ সভাপতিসকল আৰু শক্তিকেন্দ্ৰৰ প্ৰমুখসকল আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।