অসম

কাব্যঋষিৰ স্মৰণত দেৰগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ কাষত সোণাৰু পুলি ৰোপন

Asomiya Pratidin

ডিজিটেল সংবাদ ,দেৰগাঁও: কাব্যঋষি নীলমণি ফুকনৰ ওপজা স্থান দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত কবিৰ প্ৰিয় সোণাৰু ৰোপন প্ৰকল্প ৰূপায়ন কৰিবলৈ আগবাঢ়ি আহিল নেঘেৰিটিং চাহবাগিছা কৰ্তৃপক্ষই। উল্লেখ্য যে যোৱা ১০ চেপ্তেম্বৰত শুভাৰম্ভ হোৱা সোণাৰু ৰোপন আঁচনিত সৃজনম নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে দেৰগাঁৱৰ কেবাটাও সংগঠনে সহযোগিতাৰ লগতে অন্যতম আহ্বায়ক সংগঠন আজাদ পুস্তকালয়ৰ সম্পাদক ৰাজেন পূজাৰীয়ে মঙ্গলবাৰে প্ৰদান কৰা স্মাৰক পত্ৰ মৰ্মে নেঘেৰিটিং চাহ বাগিছাৰ পৰিচালক যুগল বৰুৱাই ৭০ টা সোণাৰু পুলি ৰাষ্ট্ৰীয় পথৰ চাহ বাগানৰ বেৰাৰ কাষে কাষে ৰোপনৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

বুধবাৰে পুৱা এই পুলি সমূহ আজাদ পুস্তকালয়ৰ তৰফৰ পৰা সম্পাদকে বাগিছাৰ সহকাৰী পৰিচালক জয়ন্ত কৰ্মীৰ হাতত অৰ্পন কৰে। পুৱা ৮ বজাত নেঘেৰিটিং চাৰি আলিত আজাদ পুস্তকালয়ৰ উপসভাপতি ৰমেশ বৰুৱা, জ্যেষ্ঠ সদস্য কালী প্ৰসন্ন বৰুৱা, বাগিছাৰ পৰিচালক বৰুৱা, অসম চাহ মজদূৰ সংঘৰ নেঘেৰিটিং বাগিছা শাখাৰ সভাপতি পুৰুষোত্তম ঘাটোৱাৰ, সম্পাদক ৰাজ কুমাৰ পাছী আৰু বিষয়-ববীয়া বিপিন দুসাদৰ উপস্থিতিত পৰিচালকৰ হৈ প্ৰথমটো সোণাৰু পুলি ৰোপনৰ শুভাৰম্ভ কৰে সহ পৰিচালক জয়ন্ত কৰ্মীয়ে।

পৰিচালক গৰাকীক আজাদ পুস্তকালয়ৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্পাদক পূজাৰীয়ে অহা বছৰ লৈকো সোণাৰু প্ৰকল্প ৰূপায়নত সহযোগিতা আগবঢ়াবলৈ বাগান কৰ্তৃপক্ষক অনুৰোধ জনায়। পৰিচালক গৰাকীয়ে শীতল পথাৰলৈকে ৰাষ্ট্ৰীয় পথৰ বাগানৰ কাষে কাষে সোণাৰু ৰোপন কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বাগানে বেৰাৰ লগে লগে অধিক নিৰাপদজনক ভাৱে পুলিসমূহ ৰোপন কৰিব। বাগান কৰ্তৃপক্ষক সোণাৰু গুটিও প্ৰদান কৰা হয়।

অন্যহাতে দেৰগাঁৱৰ আৰক্ষী বাহিনী কেন্দ্ৰত আজাদ পুস্তকালয়ে ১১ টা, চৰকাৰী পেঞ্চনাৰ সন্থা দেৰগাঁৱে ১০ টা, দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ পৰিৱেশ সংঘ ষ্টৰ্কগ্ৰীণ ক্লাৱে ৫ টা আৰু অসম আৰক্ষী বাহিনী মধ্য ইংৰাজী বিদ্যালয় পৰিৱেশ সংঘই ৫ টা, গোলাঘাট ডায়েট ৫ টা সোণাৰু ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰোপন কৰিছে।

আজাদ পুস্তকালয় আৰু পেঞ্চনাৰ সন্থাৰ পুলি ৰোপনত অংশ লৈছিল বিশিষ্ট নাগৰিক সুৰেন্দ্ৰ কুমাৰ দত্ত, কথাছবি পৰিচালক সাহিত্যিক নুৰুল চুলতান, পেঞ্চনাৰ সন্থাৰ সম্পাদক ৰমেশ বৰুৱা, বিৰেন হাজৰীকা, শিক্ষক সমাজকৰ্মী ৰাজেন পূজাৰী, জ্যেষ্ঠ নাগৰিক কালী প্ৰসন্ন বৰুৱা, অৱসৰ প্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অনন্ত কুমাৰ বৰুৱা, জ্যোতিৰ্ময় বৰুৱা, আৰক্ষী বিষয়া্ ফিউৰী বৰুৱা আদিয়ে ।

দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষক ৰাজেন পূজাৰী আৰু জাকিৰ হুচেইনৰ নেতৃত্বত ছাত্ৰসকলে বৃক্ষৰোপন কৰে। গোলাঘাট ডায়েটৰ প্ৰবক্তা মনোজ কোঁৱৰৰ নেতৃত্বত ৫ জনীয়া শিক্ষাৰ্থীদলে পুলি ৰোপন কৰে। আৰক্ষী বাহিনী এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা বৰাই ৫টা পুলি গ্ৰহণ কৰে।