kokrajhar
kokrajhar 
অসম

শক্তি আশ্ৰমৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে অভিভাৱকৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ : শক্তি আশ্ৰমৰ শংকৰদেৱ শিশু নিকেতনত অচলাৱস্থা। কেইবাশতাধিক অভিভাৱকৰ প্ৰতিবাদত উত্তাল শক্তি আশ্ৰমৰ শংকৰদেৱ শিশু নিকেতন। বিদ্যালয়খনৰ একনায়কত্ববাদী প্ৰধান আচাৰ্য নীল ৰঞ্জন ৰায়ক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে।

প্ৰধান আচাৰ্যই বৈদ্যাতনয়িক কামৰ পৰিৱৰ্তে আন কামত ব্যস্ত থকাৰ অভিযোগ তুলিছে অভিভাৱকসকলে। শৈক্ষিক পৰিৱেশৰ অৱনতি ঘটাৰ ল গতে ছাত্ৰ -ছাত্ৰীৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে অভিভাৱকসকল। কিছুদিন পূৰ্বে প্ৰধান আচাৰ্যই বিদ্যালয়ৰ চাৰিজন আচাৰ্যক বহিষ্কাৰ কৰিছিল।

অবিদ্যাতনয়িক কামত ব্যস্ত থকাৰ বাবে, শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে একনায়কত্ব আচৰণে অভিভাৱকসকলক ক্ষুব্ধ কৰি তুলিছে। প্ৰধান আচাৰ্য নীল ৰঞ্জন ৰায়ক অপসাৰণৰ নকৰা পৰ্যন্ত অসহযোগ অব্যাহত থাকিব বুলিও প্ৰতিবাদী অভিভাৱকসকলে জানিবলৈ দিয়ে।