হৰি নামৰে মুখৰ শংকৰ অধিৱেশনৰ বাকৰি
হৰি নামৰে মুখৰ শংকৰ অধিৱেশনৰ বাকৰি 
অসম

হৰি নামৰে মুখৰ শংকৰ অধিৱেশনৰ বাকৰি

Asomiya Pratidin

ডিজিটেল সংবাদ,জোনাইঃ শুকুৰবাৰৰ পৰা জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সম্বন্ধয় ক্ষেত্ৰত আৰম্ভ হৈছে ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। প্ৰতিকূল বতৰকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সোঁত বোৱা দেখা গৈছে অধিৱেশনস্থলীত।

হৰি ভকতিৰে মুখৰিত হৈ পৰিছে চেৰেন পথাৰ। প্ৰতিকূল ক্লেদাক্ত পৰিৱেশৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি হেজাৰ হেজাৰ লোকৰ অংশগ্ৰহণ কৰিছে। অনৰ্গল হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে চেৰেনপথাৰ।

আধ্যাত্মিক ভক্তি ৰসত উৰ্বৰ চেৰেনপথাৰ। চৌদিশে মাথো হৰি গুণ গান। মূল্যৱান পথতো জাক জাক বাপ-আই মাতৃয়ে নাম প্ৰসংগৰে জনাইছে অতিথিৰ সম্ভাষণ।

পুৱা ৫ বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ। পুৱা প্ৰাতঃ প্ৰসঙ্গ,নাম প্ৰসঙ্গৰ পিছতে মূল তোৰণ উদ্বোধন কৰে ধেমাজি জিলাৰ নৱনিযুক্ত উপায়ুক্ত পল্লবী ফুকনে।

গছৰপুলি ৰোপণৰ পাছতে ১০ হাজাৰ লোকে একে লগে খাব পৰা ভোজনালয়, ৩ শতাধিক চৌকা,শতাধিক প্ৰতিনিধি শিবিৰ , বিভিন্ন উপ সমিতিৰ কাৰ্যালয়, গ্ৰন্থমেলা আৰু বানিজ্য মেলা আদি বিভিন্ন কাৰ্যালয় শিবিৰ উদ্বোধন কৰা হয় ৷

বৈষ্ণৱ আদৰণী বাবে তৎপৰ হৈ পৰিছে বিশাল সেৱা বাহিনী। বিশাল অনুষ্ঠানত অংশ ল'বলৈ পাই উৎফুল্লিত হৈ পৰিছে অভ্যাগত।