অসম

লোকে লোকাৰণ্য অধিৱেশনৰ বাকৰি

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ তিনিদিনীয়াকৈ ধেমাজিৰ চিমেন চাপৰি চেৰেন পথাৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন। পৰমানন্দ আতা সমন্বয় আয়জিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাও দেখা যায় জনসমুদ্ৰ।

কেৱল অসমৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভকত-বৈষ্ণৱৰ সমাগম। কি পথ,কি মূল মণ্ডপ,কি প্ৰেক্ষাগৃহ,ভোজনালয়, প্ৰদৰ্শনী,গ্ৰন্থ মেলা কিম্বা অন্যান্য বিপণী সকলোতে কেবল মানুহ আৰু মানুহ।

বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ সমবেত হৈছে ৩ শ বিঘাজোৰা এই বিশাল চেৰেন পথাৰত। পথতো দেখা যায় ব্যাপক যান-জঁট। মূল প্ৰৱেশ দ্বাৰতেই সেৱক সেৱিকাই অনৰ্গল হৰি নামেৰে আদৰিছে ভকত বৈষ্ণৱক।

মূল মণ্ডপত অনুষ্ঠিত হয় সাহিত্য আলোচনী। উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেখা গ'ল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হ'ল বহু প্ৰখ্যাত আৰু স্বনামধন্য লোক। অৱশ্যে মূল সভাগৃহতকৈ বিভিন্ন বিপণী মেলাতহে মানুহৰে বিৰ দি বাট নোপোৱা অৱস্থা দেখা গ'ল।