অসম

কাৰাগাৰত কেনেদৰে আছে সংগীতা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এতিয়া ডাঃ সংগীতাৰ ঠিকনা কোনোবা চিকিৎসালয় বা ডাক্তৰৰ চেম্বাৰ নহয়। কাৰাগৰৰ আলহী ডাঃ সংগীতা আৰু তেওঁৰ স্বামী ৱালিউল ইছলাম। শনিবাৰে শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত ডাঃ সংগীতাক পচকো আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতৰ নিৰ্দেশ অনুসৰি প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ।

প্ৰথমবাৰৰ বাবে বিলাসী জীৱন কটোৱা ডাঃ সংগীতা কাৰাগাৰত একপ্ৰকাৰ উজাগৰি ৰাতি কটালে। খাব লগা হ'ল কাৰাগাৰৰ সাধাৰণ কয়দীৰ দৰে প্ৰস্তুত কৰা জেলৰ আহাৰ।দেশ-বিদেশ ভ্ৰমণ কৰি ভালপোৱা চিকিৎসক সংগীতাই মানি ল'ব লগা হৈছে বাস্তৱক।

উল্লেখ্য যে, পচকো আদালতত হাজিৰ কৰাৰ পূৰ্বে শনিবাৰে পানবজাৰ থানাত সংগীতাক সাক্ষাৎ কৰে তেওঁৰ বান্ধৱী লভিতা মৰানে। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ ঘৰত এৰি অহা বয়-বস্তু সংগীতাক দিব অহা বুলি সাংবাদিকক মন্তব্য কৰিছিল লভিতাই।