অসম

সম্পূৰ্ণ কণ্টেইমেণ্ট জ’নত ৰূপজ্যোতি কুৰ্মীৰ ঋুমুৰ নৃত্য..

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নিঃ যিসময়ত কোভিডৰ বাবে ৰাজ্যত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি সেই সময়তে একাংশ জনপ্ৰতিনিধি, ৰাজনৈতিক নেতাৰ কাম কাজে চকু কপালত তুলিছে সাধাৰণ জনতাৰ। কোভিডৰ ভয়াবহতা দূৰ নোহোৱাৰ বাবেই ৰাজ্য চৰকাৰে কৰোনাৰ সংক্ৰমণ দূৰ কৰিবৰ বাবে কঠোৰ নীতি বাহাল ৰাখিছে। কেইবাখনো জিলা সম্পূৰ্ণ কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। সাধাৰণ জনসাধাৰণক কণ্টেইনমেণ্ট জ'নৰ নীতি নিয়ম ভংগৰ বাবে আৰক্ষীয়ে কঠোৰ শাস্তি প্ৰদান কৰিছে। কিন্তু এই কঠোৰ নীতি নিয়ম কেৱল যেন সাধাৰণ জনতাৰ বাবেহে। এই নীতি নিয়ম প্ৰযোজ্য নহয় ৰাজনৈতিক নেতাৰ বাবে।

যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জিলাখনত বাহাল থতা সম্পূৰ্ণ কণ্টেইমেণ্ট জ'নৰ নীতি নিয়ম ভংগ কৰি ঋুমুৰ নৃত্যত মগ্ন হোৱা কাৰ্যই এই কথাকেই প্ৰমাণ কৰিছে। দেওবাৰে ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই মৰিয়নীৰ এক জনসভাত অংশগ্ৰহণ কৰাৰ সময়ত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে ঋুমুৰ নৃত্য কৰি সম্পূৰ্ণ কণ্টেইমেণ্ট জ'নৰ নীতি নিয়ম ভংগ কৰে। সম্পূৰ্ণ কণ্টেইমেণ্ট জ'ন হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰা যোৰহাট জিলাত এইদৰে শক্তি মন্ত্ৰীক লগত লৈ জনসভা অনুষ্ঠিত কৰি ঋুমুৰ নৃত্য কৰা ৰূপজ্যোতি কুৰ্মীয়ে পাহৰি গ'ল কোভিডৰ ভয়াবহতাৰ কথা।

যি সময়ত কভিডৰ বাবেই সৰ্বসাধাৰনে চৰকাৰী নিৰ্দেশ মানি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হৈছে তেনে এক সময়তে মৰিয়নী চাহ শ্ৰমিকক লৈ উপনিৰ্বাচনৰ প্ৰচাৰৰ বাবে নৃত্যত মতলীয়া হোৱা ৰূপজ্যোতি কুৰ্মীৰ কাৰ্যত এতিয়া সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।