অসম

কবিৰাজী চিকিৎসাৰ নামত নিৰ্মম প্ৰহাৰ : অন্ধবিশ্বাসৰ বলি হৈ মৃত্যু এমহীয়া শিশুৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ ভকত গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। কবিৰাজী চিকিৎসাৰ নামত নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল এমহীয়া যমজ শিশুক। শিশুটিৰ ডিঙিত ধৰি ওলমাই লৈ গছৰ পাতেৰে উপৰ্যুপৰি প্ৰহাৰ কৰিলে কবিৰাজে। শিশুটিৰ কৰুণ কাতৰ কান্দোনকো আওকান কৰি শিশুটিৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰি থাকিল গোলাপজান ওৰফে গোলাপী কবিৰাজে।

জানিব পৰা মতে, ৰূপহীহাটৰ ভকত গাঁৱৰ আজিজুল হক নামৰ লোকজনৰ পত্নীয়ে একমাহ-১০ দিন পূৰ্বে জন্ম হৈছিল দুই যমজ সন্তানৰ। সন্তান দুটি কিছু অসুস্থ হোৱাত পিতৃ মাতৃয়ে মৰিগাঁওৰ দুবাগুৰি গাঁৱৰ গোলাপজান ওৰফে গোলাপী কবিৰাজৰ ওচৰলৈ লৈ গৈছিল। কবিৰাজী চিকিৎসাৰ নামত একমহীয়া সন্তানক ডিঙিৰ পিছফালে ধৰি ওলমাই গছৰ ডাল পাতেৰে কোৱাই অমানবীয় অত্যাচাৰ চলাই গোলাপী কবিৰাজে।

কবিৰাজী চিকিৎসাৰ নামত কৰা এই অত্যাচাৰৰ ফলত অধিক অসুস্থ হৈ পৰে শিশুদুটি। অৱশেষত শিশু দুটিক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও এটা সন্তানৰ মৃত্যু হয়। আনহাতে আনটো শিশুৱো নগাঁও মেডিকেল কলেজৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুযায়ী ভণ্ড কবিৰাজৰ কবিৰাজীত পূৰ্বতেও শিশুৰ মৃত্যু হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত কাৰাবাস খাটি আহিছিল গোলাপী কবিৰাজে। উল্লেখ্য যে, কবিৰাজে বেজালি কৰাৰ ভয়ত সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে আজিজুলৰ পৰিয়াল।