অসম

কাজলগাঁৱত ৰাজ্যিক ভিত্তিত ৰাগবী ছেভেনচ চেম্পিয়নশ্বীপ ২০২৩

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : কাজলগাঁৱত ৰাজ্যিক ভিত্তিত ৰাগবী চেম্পিয়নশ্বিপ। আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ৫ আৰু ৬ এপ্ৰিলৰ পৰা চিৰাং জিলা ৰাগবি এচোছিয়েচনৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব ৰাগবী চেম্পিয়নশ্বিপ।

কাজলগাঁৱৰ উদাংশ্ৰী আলাৰি প্ৰেমসিং ব্ৰহ্ম মেমোৰিয়াল ৰুৰেল ষ্টেডিয়ামত তৃতীয় সংখ্যক ৰাজ্যিক ভিত্তিত ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবী ছেভেনচ্ চেম্পিয়নশ্বীপ - ২০২৩ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে । উক্ত ৰাগবি চেম্পিয়নশ্বীপত অসমৰ ছিনিয়ৰ আৰু জুনিয়ৰ ল'ৰা-ছোৱালীৰ শাখাত মুঠ ৯ জিলাৰ ৩৬ টা ৰাগবী দলে অংশগ্ৰহণ কৰিছে ।

অসমৰ নৱ প্ৰজন্মৰ খেলুৱৈসকলক এই ৰাগবী খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই খেলৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।