অসম

আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ গ্ৰামবিকাশ প্ৰমুখ খেম খাউণ্ডৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত কাৰিবিল কছাৰীৰ বিশিষ্ট সমাজকৰ্মী, এসময়ৰ বিজেপিৰ সক্ৰিয় কাৰ্য্যকৰ্তা তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নিষ্ঠাবান প্ৰমুখ খেম খাউণ্ড(৬৪)ৰ আজি অকাল বিয়োগ ঘটে।আৰ.এছ.এছৰ উত্তৰ অসমৰ বিশেষ দায়িত্বত থকা খেম খাউণ্ডৰ মৃত্যুত শোকৰ বণ্যা হৈছে সমগ্র গহপুৰ মহকুমাত। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ যোৱা প্ৰায় ৯ দিন ধৰি চিকিৎসাধীন অৱস্থাত থকা খেম খাউণ্ডে বুধবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

এসময়ত গাঁওৰক্ষী বাহিনীৰ লগত জড়িত হৈ সুস্থ সমাজ গঠনত অগ্ৰণী ভূমিকা লোৱা খেম খাউণ্ড বৃহত্তৰ কাৰিবিল অঞ্চলৰ বিভিন্ন সামাজিক আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত নিবিড় ভাবে জড়িত আছিল। ২০১৬ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বনাথ জিলাৰ কাৰ্যনিৰ্বাহক হিচাপ কৰ্মৰত খেম খাউণ্ডে ২০১৭-২০২১ চনলৈকে বিজেপিৰ তেজপুৰ বিভাগৰ কাৰ্যনিৰ্বাহক হিচাপে দলীয় দায়িত্ব পালন কৰিছিল।

২০২১ চনৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ গ্ৰামবিকাশ প্ৰমুখ হিচাপে আৰু অসম প্ৰান্তৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সংঘৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি আহিছিল খেম খাউণ্ডে। আজি তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে কাৰিবিল অঞ্চলৰ লগতে সমগ্ৰ গহপুৰ মহকুমা।

প্ৰতিবাদী কণ্ঠৰ এগৰাকী ব্যক্তি হিচাপে পৰিচিত খেম খাউণ্ডৰ মৃত্যুত গহপুৰ আৰু বিহালী সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ লগতে ছয়দুৱাৰ মণ্ডলৰ সভাপতি নিৰণ হাজৰিকা, বুৰৈ মণ্ডলৰ সভাপতি দীপক চাহু,ছয়দুৱাৰ মণ্ডল কিষাণ মৰ্চাৰ সভাপতি ৰত্ন বস্নেত,টকৌবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী চম্পা বস্নেত প্ৰমুখ্যে বিভিন্ন ব্যক্তি,দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এগৰাকী পুত্ৰ, জীয়ৰী আৰু বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।গুৱাহাটীৰ পৰা তেওঁৰ নশ্বৰদেহ আহি পোৱাৰ পিছত আজি বিয়লি প্ৰায় ৩ বজাত এক শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰা হয়।