অসম

হাওৰাঘাট ষ্টেট বেংকৰ সন্মুখত দিন ডকাইতিঃ টকাৰ বেগ লৈ পলাল যুৱক

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰত অৱস্থিত ষ্টেট বেংকৰ সন্মুখতে দিন ডকাইতি। জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১ বজাত লাংহিনৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণকান্ত দাসে হাওৰাঘাট ষ্টেট বেংকৰ পৰা ৭ লাখ টকা উলিয়াই।

টকা উলিয়াই দাসে ঘৰলৈ বুলি কিছু দূৰ খোজকাঢ়ি গৈ শংকৰ মন্দিৰ সন্মুখ পোৱাৰ সময়তে পিছফালৰ পৰা এজন অচিনাক্ত যুৱকে পিঠিত ৰং জাতীয় পদাৰ্থ দলিয়াই দিয়ে। ইয়াৰ পাছতে শিক্ষকজনে বেগটো থৈ যুৱকজনে দলিয়াই দিয়া ৰং জাতীয় পদাৰ্থখিনি পানীৰে ধুবলৈ লয়। তেনে সময়তে অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ দাসৰ হাতত থকা টকাৰ বেগটো লৈ যুৱকজনে মটৰচাইকেলত উঠি উধাও হয় ।