/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
বিবাহযাত্ৰী কঢ়িওৱা বাহন আৰু বাছৰ মাজত সংঘৰ্ষঃ থিতাতে নিহত ২ জন...
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। চাপৰৰ হাতীপোতাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে দুজন লোকৰ।
আনহাতে আহত হৈছে ৫ গৰাকীকৈ লোকৰ। জানিব পৰা মতে এখন বিবাহযাত্ৰী কঢ়িয়াই অনা বাহন আৰু এখন বাছৰ মুখামুখী সংঘৰ্ষ হয়।
এই সংঘৰ্ষৰ ফলতে থিতাতে নিহত হৈছে ২ জনকৈ লোক। নিহত লোক দুজন ক্ৰমে ৰেকিব আহমেদ আৰু তানিসা ইয়াছমিন।
বাছৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱা বিবাহযাত্ৰীবাহনখন কৃষ্ণাইৰ পৰা ধুবুৰী অভিমুখে আহি আছিল।
Also Read: ফেচবুকৰ প্ৰমে ! নাবালক প্ৰেমিকে নাবালিকা প্ৰেমিকক সোনাগছিত বিক্ৰী কৰিলে ৪০ হাজাৰত...