ভোগালীৰ উচাহ-উদ্দীপনাৰ মাজতে কাজিৰঙাৰ হাতীখুলিত ভয়াবহ পথ দুৰ্ঘটনা
কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে পথত খোজকাঢ়ি থকা পাঁচজনক
ইয়াৰে চিকেন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ আৰু আগনেশ কৰ্মকাৰ নামৰ তিনিজনৰ ঘটনাস্থলীতে মৃত্যু
হাতীখুলি নিৱাসী তিনিওজন একেটা পৰিয়ালৰে লোক
আনহাতে, গুৰুতৰভাৱে আহত মেগনাথ কৰ্মকাৰ আৰু বজৰংগী কৰ্মকাৰক সংকটজনক অৱস্থাত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে
দুৰ্ঘটনাটো সংঘটিত হয় পুৱা ৫-৩০ মান বজাত কাজিৰঙাৰ হাতীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত
ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চকা ফুটি যোৱাৰ ফলত মানুহকেইজনক মহতিয়াই হাতীখুলিৰ দলঙৰ তলত সোমাই পৰে অভিশপ্ত ট্ৰাকখন
আনহাতে, লগে লগে পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনে
আৰু পঢ়ক : ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ...