অসম

গোলাঘাটৰ কমাৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : আকস্মিক দুৰ্ঘটনাত হঠাতে হেৰাই গ'ল নুমলীগড়ৰ এজন শিল্পী। গোলাঘাট-বোকাখাতৰ প্ৰায় সংখ্যক সংস্কৃতিক অনুষ্ঠানতে এজন গীটাৰ বাদকৰূপে দেখা পোৱা স্বভাৱজাত শিল্পী গৰাকীয়ে বৃহত্তৰ নুমলীগড় অঞ্চলৰ নৱপ্ৰজন্মৰ মাজত গীটাৰৰ প্ৰশিক্ষণ প্ৰদানেৰে ৰাইজৰ সমাদৰ লাভ কৰিছিল। এনে এজন শিল্পীৰ মৃত্যুত স্বাভাৱিকতে ব্যথিত হৈছে প্ৰতিজনৰ হৃদয়।

গোলাঘাটৰ কমাৰগাঁৱত নিশা সংঘটিত হোৱা নৈশ বাছ আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় শিল্পী সাগৰ বুঢ়াগোহাঁই। কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট দিশৰ পৰা আহি থকা AR-01Q-5607 নৈশ চুপাৰখনে বিপৰীত দিশৰ পৰা আহি থকা AS-03T-4443 নম্বৰ বিলাসী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।

এই দুৰ্ঘটনাত কমাৰগাঁৱৰ পানীদিহিঙিয়া গাঁৱৰ উদীয়মান শিল্পী সাগৰ বুঢ়াগোহাঁই থিতাতে নিহত হয় । ইফালে শিল্পী সাগৰ বুঢ়াগোহাঁইৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে পুৱাই কমাৰগাঁও আৰক্ষী থানাত ভিৰ কৰেহি পৰিয়ালৰ লোকৰ লগতে বহুতো শুভাকাংক্ষীয়ে। সৰবৰাহী যুৱক তথা গিটাৰ বাদক সাগৰ বুঢ়াগোহাঁইৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।