road accident
road accident road accident
অসম

বোকাখাতত দুৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাতঃ ব'হাগৰ প্ৰথম দিনটোতেই বোকাখাতত পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত প্ৰাণ গ'ল দুজন যুৱকৰ।

জানিবলৈ পৰা মতে, বোকাখাতৰ গড়মুৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে বাইক ষ্টান্ত কৰিবলৈ গৈ পথৰ কাষৰ খুটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীতে মৃত্যু হয় চালক আৰু আৰোহীৰ।

দুৰ্ঘটনা সংঘটিত বাইকখনৰ নম্বৰ AS 05 S 8851। নিহত যুৱক দুজন বোকাখাত চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে।