অসম

সূতাৰগাঁৱত বাইকৰে-এচি ভেনৰ মুখামুখি সংঘৰ্ষ : থিতাতে নিহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত সূতাৰ গাঁৱৰ চ'কত বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰামতে মুক্তাপুৰৰ সমীপৰ বৰখাত গাঁও নিবাসী কুলেন নাথ (৩০) নামৰ এজন লোকে এ এচ ২৫ এল ৬৩১০ নম্বৰৰ গ্লেমাৰ বাইকৰে নিশা গোৰেশ্বৰ অভিমুখে গৈ আছিল।

তেনে সময়তে বাইহাটা চাৰিআলি গোৰেশ্বৰ গড়কাপ্তানী পথেৰে বিপৰীত দিশৰ পৰা অহা এ এচ ২৫ চি চি ৪৭১৪ নম্বৰৰ এচি ভেন এখনৰ সৈতে কুলেন নাথে চলাই যোৱা গ্লেমাৰ বাইকখনৰ সূতাৰ গাঁৱৰ চ'কত মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ফলত থিতাতে মৃত্যু হয় কুলেন নাথৰ।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে কুলেন নাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।