অসম

মুক্তি পালে উদীয়মান কণ্ঠশিল্পী ৰিতপল বৰকাকতিৰ 'নয়না'

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ অতি কম সময়ৰ ভিতৰত সুন্দৰ গীত পৰিৱেশনেৰে জনপ্ৰিয়তা অৰ্জন কৰা নতুন প্ৰজন্মৰ প্ৰতিভাসম্পন্ন শিল্পী তথা মেধা ছাত্ৰ ৰিতপল বৰকাকটিৰ নতুন গীত “নয়না”ই  মুক্তি লাভ কৰিলে ৷ "নয়না" শীৰ্ষক এই ভিডিঅ' গীতটো মুক্তিৰ পিছতেই দৰ্শক তথা শ্ৰোতাই আঁকোৱালি লৈছে ৷

উদীয়নাম ৰিতপল কাকতীৰ ঘৰ শিৱসাগৰ চহৰৰ পৰা ১৫কিলোমিটাৰ নিলগৰ আখৈফুটিয়া অঞ্চলত যদিও বৰ্তমান চহৰখনৰ দৰিকা অঞ্চলৰ বাসিন্দা ৷ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পৱন বৰকাকতিৰ একমাত্ৰ পুত্ৰ সন্তান তেওঁ ৷ শিৱসাগৰৰ এখন শিক্ষানুষ্ঠানৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ ৰিতপল কাকতীয়ে শৈশৱৰে পৰা গীত পৰিবেশন কৰি সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷

গীতৰ সমান্তৰালকৈ ৰিতপলৰ পাৰ্গত গীতাৰ বজোৱাতো৷ আজৰি সময়ত গীটাৰৰ শিক্ষা আহৰণ কৰি এতিয়া গীটাৰৰ তালে তালে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছেৰিতপলে ৷ গীত ভালপোৱা লোকৰ হৃদয়ত সুকীয়া স্থান অধিকাৰ কৰা ৰিতপল বৰকাকতিয়ে শেহতীয়াকৈ কবি-সাংবাদিক সত্যজিৎ নাথে ৰচনা কৰা "নয়না" নামৰ গীতটোত কণ্ঠদান কৰাৰ সমান্তৰালকৈ গীতটোৰ ভিডিঅ' এলবামটোত অভিনয়ো কৰিছে ৷

শিৱসাগৰ চহৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভিডিঅ' গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে গড়গাঁও কলেজৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তই। তেওঁ গীতটি মুকলি কৰি ৰিতপল বৰকাকতিৰ কণ্ঠক উচ্চ প্ৰশংসা কৰে ৷ ড° মহন্তই কয় যে- লক্ষ্যত উপনীত হোৱাৰ বাবে ৰিতপলে কঠোৰ সাধনা কৰিছে ৷ নয়না প্ৰডাকচনে এটা সৰ্বাংগসুন্দৰ গীত আৰু ভিডিঅ উপহাৰ দিছে ৷ ৰিতপল বৰকাকতি নিশ্চিত ভাৱে সফল হ’ব ৷

তেওঁ লগতে কয় গীত, সুৰ আৰু বাদ্যযন্ত্ৰক সন্মান জনাব জানে ৰিতপলে ৷ জ্ঞান আহৰণৰ বাবে ৰিতপলে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অধ্যাপক ড° উৎপল দওই নতুন প্ৰজন্মই অধ্যয়নৰ সমান্তৰালকৈ সাংস্কৃতিক দিশত মনোনিবেশ কৰাটো আমাৰ সমাজৰ বাবে শুভলক্ষণ বুলিও মন্তব্যত উল্লেখ কৰে ৷

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই মেধা ছাত্ৰ ৰিতপলৰ গীতে সকলোকে মোহিত কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ বুধবাৰৰ অনুষ্ঠানটিত সাংবাদিক মনোজ কুমাৰ গগৈ, কৌস্তুভমণি কাকতি, প্ৰদীপ গগৈ, হিমাংশু নেওগ, অধ্যাপক ড° উৎপল দও, অধ্যাপক প্ৰবীন শৰ্মাকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য আক্ৰামৰ পৰিচালনা আৰু পৰিকল্পনাত  মুক্তি পোৱা নয়নাৰ ভিডিঅ'টো ইউটিউব চেনেল ৰিতপল বৰকাকটি ব্লগত উপলব্ধ।