অসম

দিলীপ শৰ্মা-সুদক্ষিণা শৰ্মাৰ সুযোগ্য সন্তান ঋষিৰাজ শৰ্মা আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মা আৰু নাই । অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে ঋষিৰাজে । প্ৰয়াত গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুযোগ্য সন্তান আছিলে ঋষিৰাজ ।

সংগীত সাধনা কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল তেওঁ । মাতৃ সুদক্ষিণা শৰ্মাৰ সৈতে বহু গীত গাইছিল ঋষিৰাজে । ঋষিৰাজৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দু:খবৰ ।