- ৰীমা দাসক অসম চৰকাৰে প্ৰদান কৰিলে ১ কোটি টকা।
- বৃহস্পতিবাৰে এই ধন ৰীমাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়।
- 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ প্ৰচাৰৰ বাবে এই ধন ৰীমাক দিছে ৰাজ্য চৰকাৰে।
- ছবিখনৰ প্ৰচাৰৰ বাবে যথেষ্ট অৰ্থ সংকটত ভুগিছিল ৰীমাই।
- ভাৰতৰ পৰা অস্কাৰৰ বাবে 'ভিলেজ ৰকষ্টাৰ্ছে' লাভ কৰিছিল অফিচিলেয় এণ্ট্ৰী।
- সেয়েহে ছবিখনৰ প্ৰচাৰৰ বাবে প্ৰয়োজন হৈছিল যথেষ্ট ধনৰ।
- মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰীমাক এই ধন দিয়াৰ কথা।
- চিএমআৰএফৰ পৰা প্ৰেৰণ কৰা হৈছে এই ধন।
- এছবিআই, সচিবালয় শাখাৰ পৰা ৰীমাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয় ধনৰাশি।
- এই ক্ষেত্ৰত অভিনেতা যতীন বৰাই লৈছিল বিশেষ উদ্যোগ।
- 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক যতীন বৰাই জনালে ৰীমাই নিশ্চিত কৰিছে ধন পোৱাৰ কথা।
- ছ'চিয়েল মিডিয়াযোগে ৰীমাই সকলোকে সহায়ৰ বাবে আহ্বান জনাইছিল।
- টেলিফোনযোগে কথা পাতিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই।
- এই ধন লাভ কৰাৰ পাছত যথেষ্ট সকাহ লাভ কৰিছে ৰীমাই।
আৰ্থিক সমস্যাকে ধৰি ৰীমাই কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অস্কাৰৰ দৌৰত, পঢ়ক তলৰ লেখা-