ভিলেজ ৰকষ্টাৰ্ছঃ চলিব লাগিছিল প্ৰচাৰ, চলিছে অপপ্ৰচাৰ!

ভিলেজ ৰকষ্টাৰ্ছঃ চলিব লাগিছিল প্ৰচাৰ, চলিছে অপপ্ৰচাৰ!

► মৃদুল কুমাৰ সন্দিকৈ

ৰীমা দাসে অস্কাৰৰ বাবে বিদেশী ছবি শিতানত ভাৰতীয় ছবিক প্ৰতিনিধিত্ব কৰি অফিচিয়েল এণ্ট্ৰী লাভ কৰাতো যেন অভিশাপহে আছিল! তেনে ধাৰণাই এতিয়া জন্ম হৈছে। দেশৰ প্ৰতিষ্ঠিত প্ৰযোজক-পৰিচালকৰ সৈতে ফেৰ মাৰি এই সন্মান পোৱাতোৱেই ৰীমাৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। এতিয়া এচাম ব্যস্ত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাত। বাহিৰৰ শত্ৰু বাদেই, ঘৰৰ বিভীষণ সকলে ইয়াত হাত উজান দিছে।

দেশ-বিদেশৰ চলচ্চিত্ৰৰ মহোৎসৱত অংশ লৈ ৰীমাই এফালে সন্মান বুটলিছে, আনফালে নিজৰ ঠাইতে ৰীমাক লৈ চলিছে অপপ্ৰচাৰ। এইখন হেনো চাব লগা ছবিয়েই নহয়। ৰীমাই অস্কাৰৰ বাবে অফিচিয়েল এণ্ট্ৰী পোৱাটো কোনো ডাঙৰ কথা নহয় বুলিও মন্তব্য কৰা লোক ওলাইছে।

দীৰ্ঘদিন ধৰি ছবিৰ সৈতে জড়িত এচামে আকৌ আন এক অপপ্ৰচাৰ চলাইছে। সেয়া হ'ল- ৰীমাৰ প্ৰতিভা কিমান তাক লৈ চলোৱা অপপ্ৰচাৰৰ তুলাচালনিত নিজকে থিয় কৰাই সেই প্ৰতিভাৰ ভৰ নিৰূপন কৰাৰ নামত ৰীমাক এক প্ৰকাৰে হতাশ হ'বলৈ বাধ্য কৰাইছে। এইবোৰ ছাগৈ অসম মুলুকতে সম্ভৱ। ঈৰ্ষাৰ এই  জুইত এচাম জ্বলিছে আৰু আন এচামে সেই জুইত ঘিউ ঢালিছে।

ছবিৰ বিষয়ে এজন সাধাৰণ দৰ্শক আৰু এজন জুৰিৰ মন্তব্য তথা ধ্যান-ধাৰণাৰ মাজত প্ৰাৰ্থক্য থাকে। এজন সাধাৰণ দৰ্শক হিচাপে ছবিখন কেৱল মনোৰঞ্জনৰ আহিলা হ'ব পাৰে। কিন্তু এজন জুৰিৰ সদস্যই ছবিখনক মনোৰঞ্জনৰ দৃষ্টিভংগীৰে নাচায়। সেয়ে হয়তো ৰীমাৰ 'ভিলেজ ৰকষ্টাৰ্ছ'লৈ সেই সহাৰি আহিছে। এক নতুনত্বৰ সন্ধানেৰে ছবিৰ ধাৰা সলনি কৰি ৰীমাই নিৰ্মাণ কৰা 'ভিলেইজ ৰকষ্টাৰ্ছ'ক আমি  এতিয়াও হয়তো ঢুকি পোৱা নাই।

ছবিগৃহলৈ অহা দৰ্শকসকলে এই ছবিখনক লৈ আন নহ'লেও এক সন্তুষ্টি লৈ ঘৰলৈ উভতিছে। সেয়া হ'ল ছবি এখনে দিব পৰা ইংগিতময় ধাৰণা আৰু বাস্তৱৰ এক কাহিনীক সৰু ঠাই এখনৰ পৰা নি বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠা কৰিছে। ধুনু নামৰ সেই চৰিত্ৰটো তেনেই সাধাৰণ। আৰু সাধাৰণভাৱেই সেই চৰিত্ৰটোক অসাধাৰণ ৰূপত তুলি ধৰাত ৰীমা সফল হৈছে।

এই সফলতাই কঢ়িয়াই অনা স্বীকৃতি ৰীমা তথা 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ প্ৰাপ্য। অসমীয়া ছবিৰ দুঃদিনৰ সময়ত এনে সফলতাক মুলধন ৰূপে লৈ এই উদ্যোগটোক পুনৰ গঢ়ি তোলাৰ যথেষ্ট অৱকাশ আছিল। ৰাজ্যৰ চৌদিশে 'ভিলেজ ৰকষ্টাৰ্ছ'ক আধাৰ কৰি লৈ চলচ্চিত্ৰৰ প্ৰতি পুনৰ অসমীয়া দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ এক আন্দোলন গঢ়ি তুলিব পৰা সুযোগ থকাৰ পাছতো সেই সুযোগ কোনেও গ্ৰহণ নকৰিলে। চৰকাৰে কেৱল দুটামান টকা দিয়েই হাত ধুলে। আনহাতে জাতীয় তথা সাধাৰণতে এনে সফলতাত তাল-ফাল লগোৱা দল-সংগঠনসমূহ নিমাতে থাকিল।

ৰীমাক লৈ যি ধৰণে উৎসাহী হ'ব লাগিছিল, সেই উৎসাহ কোনেও নেদেখুৱালে। শিল্পী, সংবাদ মাধ্যম, অভিনেতা-অভিনেত্ৰী সকলোৱে ব্যক্তিগত সফলতাৰ সৈতে ৰীমাৰ সফলতাক একাকাৰ কৰি ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিলে। ৰীমাই যি কৰিছে, অকলেই কৰিব লগা হৈছে। তথাকথিত জাতীয় দল-সংগঠনসমূহে উপলব্ধিয়েই কৰিব নোৱাৰিলে- এজনী ৰীমাই কিমান ওপৰলৈ লৈ গৈছিল অসমৰ নাম তথা অসমীয়া চিনেমা।

পেডমেন, পদ্মাৱতৰ দৰে কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিৰ সৈতে ফেৰ মাৰিছিল ৰীমাই। ২৭খন ছবিৰ মাজৰ পৰা উজ্বলি উঠিছিল ভিলেজ ৰকষ্টাৰ্ছ। অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰী লাভ কৰাৰ পাছত এতিয়া ৰীমাক সমালোচনা কৰাৰ অন্তৰালত কেৱল চিনেমাৰ ৰসবোধৰ প্ৰভাৱ নাই। ইয়াত আছে ৰীমাই কেনেকৈ ইমান আগবাঢ়ি গ'ল তেনে এক অদৃশ্য নীচাত্মকবোধৰ প্ৰভাৱ।

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ সৈতে দেশ-বিদেশৰ প্ৰায় ৭৯খন ছবিয়ে অস্কাৰৰ মনোনয়নৰ বাবে আবেদন জনাইছিল। এই ৭৯খন চলচ্চিত্ৰৰ মাজৰ পৰা ৯খন ছবি নিৰ্বাচন কৰি ২৪ ফেব্ৰুৱাৰীৰ পূৰ্বেই এখন তালিকা প্ৰস্তুত কৰা হ'ব। তাৰ মাজৰ পৰা ৫খন চলচ্চিত্ৰক অস্কাৰৰ বিদেশী শাখাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে মনোনীত কৰিব।

কোনো কোনোৱে এনে প্ৰচাৰ চলাই ৰীমাক হতাশ কৰাৰ চেষ্টা চলাইছে যে, ২০০৬চনৰ আগলৈকে দেশখনৰ প্ৰধান ভাষাৰ বাহিৰে আন ভাষাৰ ছবিয়ে এই শিতানত অস্কাৰৰ এণ্ট্ৰী লাভৰ বাবে অৰ্হতা লাভ কৰাৰ নিয়ম নাছিল। লগতে বিদেশী ভাষাৰ অস্কাৰৰ মনোয়নত কেন, বাৰ্লিণ, দ্য ফল ফেষ্টিভেল আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু ৰীমাৰ এই ছবিখনে এই মহোৎসৱসমূহৰ এখনতো মূল প্ৰতিযোগিতালৈ বাচনি লাভ কৰা নাই।

অস্কাৰৰ মনোনয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ছবিখনৰ প্ৰচাৰ-প্ৰসাৰে। মাজত মাথো চাৰিটা মাহ। তাৎক্ষণিকভাৱে এই প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ নহয়। ইয়াৰ বাবে বছৰজোৰা পৰিকল্পনা লাগে। তাৰোপৰি ছবিখনৰ স্ক্ৰীপ্ট, অভিনয়, লোকেশ্যন, ছাউণ্ড আদি দিশৰ পৰা 'ভিলেজ ৰকষ্টাৰ্ছ' অস্কাৰৰ মানৰ নহয় বুলিও চৰ্চা কৰিছে একাংশই।

এই প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই আন এচামে এনে এক প্ৰচাৰ চলাইছে যে, অস্কাৰৰ জুৰি দৃষ্টিৰে বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত ৰীমাৰ ছবিখন হিচাপলৈয়ে অহা নাই। আনকি তেওঁলোকে কোনকেইখন ছবিয়ে মনোনয়ন লাভ কৰিব তাৰো এখন তালিকা প্ৰস্তুত কৰি প্ৰচাৰ চলাইছে। সেই তালিকাখনত থকা চলচ্চিত্ৰ কেইখন হ'ল- ছুইডেনৰ পৰিচালক আলী আব্বাছিৰ 'Border', লেবাননৰ নাদাইন লাবাকিৰ 'Capernaum', প'লেণ্ডৰ পাৱেল পৱলিকোস্কিৰ 'Cold War', মেক্সিকোৰ আলফ'নছ কোৱাৰণৰ 'Roma' আৰু জাপানী পৰিচালক হিৰকাজু কৰে-ইডাৰৰ 'Shoplifters'।

এই ধৰণৰ প্ৰচাৰেৰে ৰীমাক নিৰুৎসাহিত কৰা হৈছে। বাৰে বাৰে কোৱা হৈছে- এই দৌৰত ৰীমা আৰু নাই। দৌৰ আৰম্ভ হোৱাৰ আগতেই ৰীমাক বাহিৰ কৰি দিয়া হৈছে অস্কাৰৰ মনোনয়নৰ দৌৰৰ ট্ৰেকৰ পৰা। এইবোৰ কথা বাহিৰৰ কোনো লোকে প্ৰচাৰ চলালে দেখিবলৈ বা শুনিবলৈ ভাল। কিন্তু এইবোৰ প্ৰচাৰ এতিয়া হোৱাটছএপে হোৱাটছএপে চলিছে অসমত। অসমীয়াই চলাইছে এই প্ৰচাৰ। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে?

ৰীমাক এই মুহূৰ্তত প্ৰয়োজন হৈছিল সমৰ্থনৰ। ৰীমাক প্ৰয়োজন হৈছিল কিছু ধনৰ। সেই কথা কিন্তু বুজিবলৈ কাৰো আহৰি নাই। ৰীমাৰ হৈ প্ৰচাৰ চলাবলৈ যিসকলৰ সময়ৰ অভাৱ, সেইসকলে ৰীমাৰ বিৰুদ্ধে কিন্তু ঠিকেই অপপ্ৰচাৰ চলাইছে। চৰকাৰেও ৰীমাৰ প্ৰতি যি ধৰণে উৎসাহ আৰু প্ৰেৰণামূলক পৰিৱেশ সৃষ্টি হ'ব লাগিছিল সেয়া নোহোৱাত তাৰ সুযোগ লৈছে। কম দিনৰ ভিতৰত ৰীমাক বিশ্বজুৰি এই ছবিখনৰ প্ৰচাৰ চলাবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হৈছে। সেয়েহে ৰীমাই লাজ-মান কাটি কৰি আহ্বান জনাবলগা হৈছে- 'মোক অলপ সহায় কৰক।' ৰীমাই মুকলিকৈ লিখিছে-

"ভিলেজ ৰকষ্টাৰ্ছক আপোনালোকে মৰম দিলে, সাহস দিলে, বিশ্বমুখী যাত্ৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। অসমৰ সংবাদ মাধ্যমেও চিনেমাখনক সহযোগিতা কৰিবলৈ সকলো পক্ষক আহ্বান জনালে। ছ'চিয়েল মিডিয়াতো ভিলেজ ৰকষ্টাৰ্ছক সমৰ্থন জনাবলৈ একক প্ৰচেষ্টা বহুতে ল'লে। কেইবাজনো প্ৰতিষ্ঠিত শিল্পী, প্ৰযোজক, গণ্য মান্য ব্যক্তিসকলে এই অসমীয়া চিনেমাখনৰ যাত্ৰা মসৃণ কৰিবলৈ চৰকাৰক আবেদন জনালে। চৰকাৰে সঁহাৰি দিলে আৰু বাট সম্পূৰ্ণ মসৃণ নহ'লেও কিছুদূৰ আগুৱাই অহাৰ সাহস বান্ধিব পৰা গৈছে। সৰ্বোচ্চ সন্মানৰ বাবে যুঁজিবলৈ ভিলেজ ৰকষ্টাৰ্ছৰ সন্মুখত এতিয়াও আৰ্থিক প্ৰত্যহ্বানৰ কঠিন পাহাৰ। ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰী ৰূপে অস্কাৰ দৌৰত নমা ভিলেজ ৰকষ্টাৰ্ছৰ হাতত সময় একেবাৰে নাই। মাহৰ হিচাপত নহয়, হাতত ঘণ্টাৰ হিচাপতহে সময় আছে। এইখিনি সময়ৰ ভিতৰত যদি ভিলেজ ৰকষ্টাৰ্ছৰ আৰ্থিক সমস্যা দূৰ নহয় তেনেহলে আমি যুঁজ কৰিবলৈ পোৱাৰ আগতেই যুঁজৰ পৰা বাহিৰ হৈ যাম। হাৰিবলৈ ভয় বা জিকাৰ দুৰ্দান্ত হেঁপাহ নহয় প্ৰত্যাহ্বান নেওচি আশাৰ বাৰ্তা বিয়পাবলৈ এটা শেষ চেষ্টা কৰিব বিচাৰিছোঁ। এই মুহূৰ্তত ভিলেজ ৰকষ্টাৰ্ছে এটা নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে প্রচাৰ চলাই আচল যুঁজখন কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজন বিশাল ধনৰাশিৰ। যথেষ্ট দোধোৰ মোধোৰ ভাৱেৰে মই সহৃদয় প্ৰতিজনৰ সহযোগিতা কামনা কৰিলোঁ। সংগঠিত ভাৱেৰে যিসকলে নিজৰ সামৰ্থ অনুযায়ী সহায় কৰিব বিচাৰে তেওঁলোকে তলত উল্লেখ কৰা একাউণ্ট নম্বৰত ইচ্ছানুসাৰি ধনৰাশি আগবঢ়াব পাৰে। এই সন্দৰ্ভত আপোনালোকৰ দিহা পৰামৰ্শ কামনা কৰিলোঁ। একক প্ৰচেষ্টাৰে আগুৱাই লৈ অহা এটা সপোন সঁচা কৰিবলৈ আপোনালোকৰ সমৰ্থনৰ তাৎক্ষণিক প্ৰয়োজন। অসমৰ মাটিৰ এখন অসমীয়া চিনেমাৰ সপোন যাত্ৰাৰ অংশীদাৰ হ'বলৈ অনুৰোধ কৰিলো।

উপভোক্তাৰ নাম: Rima Das
বেংক একাউণ্ট নাম্বাৰ: 915010045287396
বেংকৰ নাম: AXIS BANK
বেংকৰ শাখা: LAXMI THE MALL, BLG NO 5, LAXMI INDUSTRAIL ESTATE, ANDHERI WEST MUMBAI 400053
SWIFT CODE: AXISINBB020
IFSC CODE: UTIB0000020
ইমেইল-fundvillagerockstars@gmail.com

বিনীত
ৰীমা দাস"

এয়া ৰীমাৰ আহ্বান। এফালে অস্কাৰৰ অফিচিয়েল এণ্ট্ৰী পোৱাৰ গৌৰৱ, আনফালে ভীষণ প্ৰত্যাহ্বান। চুবুৰীয়া পশ্চিমবংগৰ ছবিয়ে এনে পৰ্যায় পোৱা হ'লে হয়তো সকলোৱে হাত উজান দিলে হয়। কিন্তু অসমত য'ত আৱেগ আৰু বিবেকেৰে কাৰোবাক সমৰ্থন কৰিব লাগে, সহায়ৰ প্ৰয়োজন হয় তাত সেইবোৰ দেখা পোৱা নাযায়। তাৰ বিপৰীতে কোনোবা ব্যক্তিগত খণ্ডৰ টিভি চেনেলৰ ৰিয়েলিটি শ্ব'ত চূড়ান্ত প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীক লৈও ইয়াত কৈ বেছি উৎসাহৰ পৰিৱেশ সৃষ্টি হয়। সেইবোৰো হওঁক কিন্তু ৰীমাক লৈ একো নহওঁক সেয়া মানি ল'ব নোৱাৰি। অৱশ্যে চলচ্চিত্ৰ সমাজে ৰীমাৰ এই আহ্বানৰ প্ৰতি সহাৰি দি ৰাইজক আহ্বান জনাইছে ৰীমাৰ বাবে কি এটা কৰিবলৈ।

চলচ্চিত্ৰ সমাজে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি…
চলচ্চিত্ৰ সমাজে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি…

ৰীমাৰ ছবিখন কি মানৰ? সেয়া জুৰিয়ে ক'ব। আমি অসমীয়াই ৰীমাৰ ছবিখনক লৈ অযথা প্ৰশ্ন তুলি ৰীমাক হতাশ কৰাৰ প্ৰয়োজন এতিয়াই নাছিল।ৰীমাই যি ছবিয়েই নিৰ্মাণ নকৰক, সেই ছবিয়েই ইমান দূৰলৈকে আগবাঢ়ি গৈছে। তাক লৈ আমি কিয় মুকলিকৈ গৌৰৱ কৰাৰ স্থল বিচাৰি নাপাও।

ৰীমাৰ এই সফলতাৰ পাছত কোনো এক চক্ৰই ৰীমাৰ বিৰুদ্ধে অপপ্ৰচাৰত নমা অন্তৰালত কি উদ্দেশ্য থাকিব পাৰে সেয়া সকলোৱে জানে। কিন্তু এয়া জাতিটোৰ প্ৰতি, অসমীয়া চলচ্চিত্ৰৰ প্ৰতি এক অন্যায়। এই অন্যায় আন কোনোৱে কৰিবলৈ অহা নাই। ইতিমধ্যে কোনো কোনোৱে কৈ দিছে- ৰীমাৰ ছবি থমকি ৰৈছে। বিশ্ব পৰ্যায়ত হেনো জুৰিৰ দৃষ্টিলৈয়ে অহা নাই এইখন ছবি। এনে বাৰ্তাই এতিয়া দিছে বহুতে। যদি সেইটোৱে সঁচা, তেন্তে আমাৰ কৰ্তব্য কি? ৰীমাৰ বিৰুদ্ধে বা 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা নে এই ছবিখনৰ প্ৰচাৰ-প্ৰসাৰত হাত উজান দিয়া?

আমি এই ছবিখনৰ কি কৈছো সেয়া গুৰুত্বপূৰ্ণ কথা। এই ছবিখন আচলতে প্ৰচাৰৰ বাবে অসম চৰকাৰে নিজেই দায়িত্ব ল'ব লাগিছিল। কোনো পৰিচালকক ছবি নিৰ্মাণৰ নামত কোটি টকা দিব পৰা চৰকাৰেও এইখন ছবিৰ প্ৰচাৰৰ বাবে একো কৰিব নোৱাৰেনে? প্ৰিয়ংকা চোপ্ৰাক পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ কৰিবলৈ কোটি টকা খৰচ কৰা, নমামি ব্ৰহ্মপুত্ৰ পাতিবলৈ ধন পানীত পেলোৱা চৰকাৰে এই ভাল কামটোৰ প্ৰতি কিন্তু কোনো আগ্ৰহ ব্যক্ত কৰা দেখা পোৱা নাই। অথচ অসম আৰু অসমীয়াৰ লগত অসমীয়া চিনেমা, পৰ্যটন সকলো দিশকে সামৰি এই ছবিখনৰ জৰিয়তে বিশ্বজুৰি প্ৰচাৰ চলোৱা সুযোগ চৰকাৰে ল'ব পাৰিলে হয়।

কিছুদিনৰ পূৰ্বে এজন বাংলা চিত্ৰৰসিকে 'ভিলেজ ৰকষ্টাৰ্ছ' সন্দৰ্ভত লিখিছিল-

'যখন হালকা মন খারাপ হয় বা তীব্র অপমানিত হই, স্বাভাবিক হওয়ার জন্য আমি জেনারেলি কবিতা পড়ি। আজ আমার আত্মার অংশ তাপস পালের ডাকে সিনেমা দেখতে গেলাম। ভিলেজ রকস্টার। খুব মিউজিক থাকবে, প্রত্যাশা ছিল। কিন্তু কামসূত্র-এ যেমন রেখাহীন রেখা ঠিক তেমনই ভিলেজ রকস্টার-এ এনভায়রনমেন্টাল সাউন্ড ছাড়া আর কোনো যন্ত্র-শব্দ নেই।

গুয়াহাটি থেকে মাত্র ৩৫ কিমি দূরে ছয়গাঁও। সেখানকার মেয়ে রীমা দাস এই ছবিটি করেছেন একেবারে অপেশাদার শিল্পী দিয়ে। যাকে ঘিরে ছবি আবর্তিত হয় সে এক বালিকা, ১০ বছরের। যার বাবা ভেসে গেছেন বানে, মা উদয়াস্ত পরিশ্রম করে সংসার ধরে রেখেছেন আর রয়েছে মেয়েটির প্রায় সমবয়সি দাদা।

মেয়েটি, ধুনু, একটি গিটার কিনতে চায়। সেটাই তার স্বপ্ন। আর তার স্বপ্ন সফল হল কি না জানতে গিয়ে আমরা দেখি গ্রাম-অসমের ছবি, যা প্রকৃতার্থে হয়ে উঠেছে পৃথিবীর যে কোনো গ্রামের ছবি, দেখি বৃষ্টিতে ডুবে যাওয়া চরাচর, দেখি কাদামাখা শরীরে ধুনুর মায়ের পরিশ্রম। ধুনুর একজনই প্রেমিক, নাম তার মুনু। সে, মুনু, একটা ছাগল। অসমে মেয়েরা ঋতুমতী হলে একটি অনুষ্ঠান হয়, শান্তি বিয়া। এই ছবিতে সেসবও আছে, একেবারে নিখুঁতভাবে।

ধুনু এবং তার দাদাকে দেখে প্রাথমিকভাবে পথের পাঁচালি ছবির দুর্গা-অপুর কথা মনে পড়লেও তা আর মনে ভেসে বেড়ায় না, কেননা রীমা আরেকটা পথের পাঁচালি কিংবা ধুনুকে দুরন্ত গিটারিস্ট করে সফল হওয়ার গল্প মানে আরেকটা স্লামডগ মিলিয়নিয়ার বানাতে চাননি, তিনি গ্রাম-অসমের ছবি করেছেন, এবং বিশ্বের মহৎ কিছু চলচ্চিত্র দেখার পর বলতে বাধ্য হচ্ছি যে ভিলেজ রকস্টার গোটা পৃথিবীর সব চলচ্চিত্রপ্রেমীর দেখা উচিত। সিনেমা কী, অভিনয়হীন অভিনয় কাকে বলে তা বুঝতে এই ছবিটি যথেষ্ট।

ললিতকলার যে ছয়টি বিভাগ মানে সাহিত্য, ভাস্কর্য, স্থাপত্য, নৃত্য, নাটক, শিল্পকলা ; প্রতিটির একটি আত্মা আছে। যাকে ইংরেজিতে মিউজ, বাংলায় সম্ভবত কাব্যলক্ষ্মী বলে। যেমন সাহিত্যের শব্দ, নাটকের অভিনয়, শিল্পকলার রং ; ঠিক তেমনই সিনেমারও আত্মা আছে, বুঝতে এই ছবিটি দেখা দরকার। বব ডিলানকে যেমন নোবেল না দিয়ে পারা যায়নি, হয়তো একদিন ললিতকলার মধ্যে চলচ্চিত্রও ঢুকে পড়বে।

সীমার আগের ছবিটির নাম ম্যান উইদ দ্য বায়নোকুলার। এই ছবির নামও ইংরেজিতে। তো সেকথা থাক, ছবির কথা বলি। ভারতীয় চলচ্চিত্রে সম্ভবত এটিই প্রথম ছবি যার শুরুতে ক্যামেরার ফেড ইন নেই, তবে ছবি শেষ হয় প্রথাগত ফেড আউট দিয়েই। ছবিতে একজনই পেশাদার শিল্পী, তিনি, আর কেউ নন, আমাদের অত্যন্ত প্রিয়জন, মেসোমশাই বলতে পারি, কুলদাকুমার ভট্টাচার্য। হ্যাঁ, বাঙালি অভিনেতা।

ওঃ হ্যাঁ, প্রেম ছাড়া পৃথিবীতে কিছুই হয় না, তো এই ছবিতেও প্রেম আছে, খুব গভীরভাবে আছে, সেটা মা-মেয়ের প্রেম। দারিদ্র আর প্রেম এত মাখামাখি হয়ে আছে যে কোনটা প্রেম আর কোনটা দারিদ্র বুঝতে একটু অসুবিধেই হয়।
আমাদের দেশের অধিকাংশ সিনেমার মধ্যেই নাটকীয় উপাদান ভরা থাকে, শুধু এই কারণটাই যথেষ্ট সেইসব ছবির শেষপর্যন্ত সিনেমা না-হয়ে ওঠার। ভিলেজ রকস্টার সত্যিকারের ছবি হয়ে উঠেছে।

এই ছবিটা পুরোটা দেখে এবং মানটো একেবারেই না-দেখে বলছি, ভিলেজ রকস্টার-এরই অস্কার নমিনেশন পাওয়া উচিত ছিল, এবং পেয়েছে।'

বাসৱ ৰয় নামৰ এইগৰাকী লিখকে লিখা কথা এইবোৰ। তেওঁৰ লেখাটোৰ শিৰোনাম আছিল- 'ভিলেজ রকস্টার, অভিনয়নহীন অভিনয়'।

এতিয়া প্ৰতিজন অসমীয়াই বিচাৰ কৰা সময় ৰীমাৰ বাবে কি কৰিব পাৰি? এই কেৱল ৰীমাৰ গৌৰৱ নহয়। আমি এনে বহু গুৰুত্বপূৰ্ণ বিষয় আওকাণ কৰো। ৰীমাই জনোৱা আহ্বানৰ প্ৰতি আমাৰ সহাৰিয়ে আমাকে তুলি ধৰিব। অস্কাৰ মনোনয়ন ৰীমাই পাওঁকেই বা নাপাওঁকেই, ৰীমাক লৈ কোনোৱে কিবা কওঁকেই বা নকওঁক, সত্য কথাতো ইতিহাস হৈ ৰৈ গ'ল। ভাৰতৰ পৰা অস্কাৰলৈ বিদেশী ছবি শিতানত অফিচিয়েল এণ্ট্ৰীৰ বাবে নিৰ্বাচিত হৈছিল এখন অসমীয়া ছবি, সেইখন 'ভিলেজ ৰকষ্টাৰ্ছ'। এই ইতিহাস  ভৱিষ্যতে কোনোৱে মচিব নোৱাৰে। কিন্তু এই মুহূৰ্তত ৰীমাক সহযোগ নকৰিলে আমি জাতীয়তাবোধ, অসমীয়াত্বক লৈ গৌৰৱ কৰাৰ কোনো মূল্য নাথাকিব। সেই শুভবুদ্ধি উদয় হওঁক সকলোৰে। এনেও অসমীয়াক আনে হাঁহে। এইবাৰ অন্ততঃ প্ৰমাণ কৰক- 'অসমীয়া নহয় কেঁকোৰা জাতি!'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in