অসম

BVFCLৰ পৰ্যালোচনা সহ সমন্বয় বৈঠকত চতুৰ্থ গোটৰ সন্দৰ্ভত আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ, নামৰূপঃ গুৱাহাটী জনতা ভৱনৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ কাৰ্যালয়ত মঙলবাৰে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰছ কৰ্পৰেশ্যন লিমিটেডৰ পৰ্যালোচনা সহ সমন্বয় বৈঠক। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু দৰমহা বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, (আই এ এছ),অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু পি ই বিভাগৰ,যুটীয়া সচিব ছাজ্জাদ আলম, (এচিএছ) উপস্থিত থকা বৈঠকত অইল ইণ্ডিয়া লিমিটেড,অ এন জি চি, গেইল,এ জি চি এল,বি চি পি এল, আই অ চি এল আৰু বি ভি এফ চি এলৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকত বিশেষকৈ বি ভি এফ চি এলৰ প্ৰস্তাৱিত চতুৰ্থ গোট স্থাপন সন্দৰ্ভত আলোচনা কৰা হয় । এই সন্দৰ্ভত বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তিয়ে জানিবলৈ দিয়ে যে,আজি বিয়লি প্ৰায় ৪ বজাৰ পৰা সমবেত হোৱা বৈঠকখন সম্পূৰ্ণ ইতিবাচক দিশত আগবাঢ়িছে।

আলোচনা মৰ্মে অহা ৫-১০ দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত  সংশ্লিষ্ট বিভাগে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত চতুৰ্থ গোট স্থাপন সন্দৰ্ভত চূড়ান্ত উপস্থাপন  দাখিল কৰিব।  আনহাতে ৯হেজাৰ কোটি টকা(৯,০০০) ব্যয় সাপেক্ষে  স্থাপন হ'বলগীয়া নামৰূপৰ সাৰ গোটটোত অসম চৰকাৰে ২৬% বি ভি এফ চি এলে ১১% বিনিয়োগ কৰাৰ উপৰি অতিৰিক্ত ৬৩%ৰ বাবে অইল ইণ্ডিয়া, অ এন জি চি, আই অ চি এল, এ জি চি এলক নমিনেশ্বন প্ৰক্ৰিয়াৰে বিনিয়োগ কৰিবলৈ অসম চৰকাৰে আহ্বান জনাই বুলি  জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে প্ৰয়োজনীয় ৯হেজাৰ কোটি টকাৰে ২,২০০ কোটি টকা ভায়েবিলিটি গেপ ফাণ্ডিং হিচাপে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান  কৰা হ'ব বুলি আজিৰ বৈঠক মৰ্মে অধ্যক্ষ ডঃ মহান্তিয়ে জানিবলৈ দিয়ে।