সমাধান হ'ব ৰে'ল পথত বন্যহস্তীৰ মৃত্যুৰ সমস্যা ! লামডিং ৰে'লৱেৰ প্ৰৱন্ধক জে এছ লাকৰাৰ ঘোষণা...
সমাধান হ'ব ৰে'ল পথত বন্যহস্তীৰ মৃত্যুৰ সমস্যা ! লামডিং ৰে'লৱেৰ প্ৰৱন্ধক জে এছ লাকৰাৰ ঘোষণা... 
অসম

সমাধান হ'ব ৰে'ল পথত বন্যহস্তীৰ মৃত্যুৰ সমস্যা ! লামডিং ৰে'লৱেৰ প্ৰৱন্ধক জে এছ লাকৰাৰ ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্য তথা দেশৰ লগতে লামডিঙতো আজি ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে লামডিং ৰে'লৱেৰ প্ৰৱন্ধক জে এছ লাকৰাই। পতাকা উত্তোলন কৰি তেওঁ কয়, লামডিং ৰে'লৱে ডিভিজনে অচিৰেই সমাধান কৰিব ৰে'ল পথত বন্যহস্তীৰ মৃত্যুৰ সমস্যা ৷ কেৱল উত্তৰ পূৰ্ৱ সীমান্ততেই নহয় সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম বাৰৰ বাবে লামডিং -হোজাই মাজৰ লামচাখংত স্থাপন কৰা হ'ব চেন্সৰ ৷

আজি লামডিং বিবেকানন্দ খেলপথাৰত লামডিং মণ্ডলৰ ৰে'লৱে প্ৰৱন্ধক জে এছ লাকৰাই পতকা উত্তোলন কৰাৰ লগতে ৰেলৱে সুৰক্ষা বাহিনীৰ গাৰ্ড অফ অনাৰো গ্ৰহন কৰে ৷ আনফালে ৰে'ল প্ৰবন্ধকগৰাকীয়ে জনায় যে, অতি সোনকালে লামডিংৰ মণ্ডলৰ কেইবাটাও ষ্টেচন বিশ্বমানৰ কৰাৰ পৰিকল্পনা পৰিকল্পনা হাতত লোৱাৰ লগতে নতুনকৈ কেইবাখনো ৰে'ল মুকলি কৰা হ'ব ৷

ইফালে ৰে'ল পথত চেঞ্চৰ লগোৱাৰ ব্যৱস্থাৰ বাবে প্ৰায় ছমাহ ধৰি গৱেষণা কৰি অহা হৈছে। ৰে'ল পথত চেঞ্চৰ লগোৱাৰ ফলত ৰে'ল পথত হাতী উঠাৰ সময়তে আগজাননী পাব ৰে'ল চালকে ৷

যাৰ ফলত ৰে'লৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৰোধ কৰিবলৈ সক্ষম হ'ব ৷ আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি লামডিং ৰে'লৱে মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে লামডিং চপা মাধ্যম আৰু চেটেলাইট চেনেলৰ ১০ গৰাকী সাংবাদিকক মানপত্ৰ আৰু বটাঁৰে বিশেষ ভাৱে সন্মান জনায়।