অসম

জামুগুৰিহাটত সপ্ত ছহিদক স্মৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত সপ্ত ছহিদক স্মৰণ। আজিৰ পৰা ৪০বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৩ চনৰ আজিৰ দিনটোতে অবৈধ বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যাওঁতে জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ লালেটাপুত ছহিদ হ'ব লগা হৈছিল ৭গৰাকীকৈ পাহোৱাল অসমীয়াই।

অবৈধ বিদেশী নাগৰিকে হানিখুচি হত্যা কৰিছিল ভূপেন ডেকা,বলিন নাথ,প্ৰসন্ন বৰুৱা, শ্যাম কুণ্ডু,জয়ৰাম বৰুৱা,বিৰেন মিশ্ৰ আৰু পলাশ ৰাজবংশীক। তেতিয়াৰ পৰা প্ৰতিবছৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই ২০মাৰ্চৰ দিনতো ছহিদ দিৱস হিচাপে পালন কৰি আহিছে।

আজিও সদৌ জামুগুৰি ছাত্ৰ সন্থাই জামুগুৰিহাটৰ ছহিদ বেদীত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আত্মবলিদান দিয়া এই সপ্ত ছহিদক শ্ৰদ্ধাৰে সোৱঁৰণ কৰে। ছহিদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰি যিসকল লোক নিৰ্যাতিত হৈছিল সেই সকলোকে অসম চৰকাৰক বিছাৰি উলিয়াই মৰ্যদা সহকাৰে জীয়াই ৰাখিবলৈ আহ্বান জনায়।