অসম

নগাঁৱৰ দক্ষিণ পেটবঢ়াত ৰাস মহোৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ , বেবেজীয়া : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত দক্ষিণ পেটবঢ়া বৰ নামঘৰত যোৱা কালি ১২ নৱেম্বৰত এদিনীয়াকৈ সপ্তম বাৰ্ষিক ৰাস মহোৎসৱ অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ মলিন চন্দ্ৰ নাথে ৷ ৯ বজাত ভাগৱত ভ্ৰমণ অনুষ্ঠিত হোৱাৰ পিছত দুপৰীয়া নাম-প্ৰসংগ অনুষ্ঠিত হয় ৷ সন্ধিয়া গায়ন-বায়নৰ যোৰা অনুষ্ঠিত হোৱাৰ পাছতেই অপু কাকতিৰ পৰিচালনাত 'কেলিগোপাল' নাট মঞ্চস্থ হয় ৷

দক্ষিণ পেটবঢ়াৰ সুযোগ্য সন্তান তথা নগাঁও জিলাৰ বি.জে.পি.ৰ সভাপতি অভিজিৎ নাথে উদ্বোধন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে - ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলাৰ বি.জে.পি.ৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰদলৈ, বিশিষ্ট শিক্ষাবিদ তথা কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণানন্দ নাথ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যকৰী পৰিচালক বীৰেন কুমাৰ নাথ, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক হেমন্ত কুমাৰ নাথ, দক্ষিণ জাগীয়াল গাওঁ পঞ্চায়তৰ সভাপতি মিণ্টু কুমাৰ নাথ, সাংস্কৃতিক কৰ্মী লক্ষ্যজ্যোতি বৰা, যুৱ ব্যৱসায়ী নীলমণি নাথ, দক্ষিণ পেটবঢ়া গাওঁ উন্নয়ন সমিতিৰ সম্পাদক নন্দৰাম নাথ, দক্ষিণ পেটবঢ়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টিকেন্দ্ৰ কুমাৰ নাথ, স্থানীয় ইউটিউবাৰ প্ৰাঞ্জল প্ৰতীম শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি ৷

উল্লেখ্য যে উক্ত অনুষ্ঠানতে 'কেলিগোপাল' নাটকত ৰাধা চৰিত্ৰত অভিনয় কৰা আমন্ত্ৰিত শিল্পী তথা মোহময়ী অভিনেত্ৰী ড’লা পল, গোপীৰ চৰিত্ৰত অভিনয় কৰা নৃত্য শিল্পী পংখী দাস আৰু ভাৰ্গৱী বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ দিগন্ত কুমাৰ নাথে আঁত ধৰা মহিলাৰ দ্বাৰা পৰিৱেশন কৰা 'কেলিগোপাল' নাটকত শিশু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী শৰ্মীষ্ঠা ভৰালী, শ্ৰী কৃষ্ণ চুইটী হাজৰিকা, কংশচুৰ বিউটি দেৱী, মোহিনী পূজা দেৱী, পুতনা পৱন হাজৰিকা, গোপী চৰিত্ৰত অভিনয় কৰা নিমন্ত্ৰিত শিল্পী কংকনা মণি শইকীয়া, মনিষা বৰা প্ৰমুখ্যে শিল্পীসকলৰ সাৱলীল নৃত্য আৰু অভিনয়ে সকলোকে আপ্লুত কৰে ৷

অনুষ্ঠানৰ সফল ৰূপায়ণ হোৱাৰ বাবে ৰাস উদযাপন সমিতিৰ সভানেত্ৰী পুস্পেশ্বৰী দেৱী আৰু সম্পাদিকা অল্পনা দেৱী হাজৰিকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷