ৰক্ষকেই যেতিয়া ভক্ষক হয়.. ! অসহায় শিক্ষামন্ত্ৰী ৰণোজ পেগু...
ৰক্ষকেই যেতিয়া ভক্ষক হয়.. ! অসহায় শিক্ষামন্ত্ৰী ৰণোজ পেগু... 
অসম

ৰক্ষকেই যেতিয়া ভক্ষক হয়.. ! অসহায় শিক্ষামন্ত্ৰী ৰণোজ পেগু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'ৰক্ষেকেই ভক্ষক হ'লে এনে ঘটনা সংঘটিত হয়।' মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত এইদৰেই অসহায় স্বীকাৰোক্তি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

আজি অসম বিধানসভাৰ চৌহদত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এইদৰে ক'লে শিক্ষামন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিবলৈ ছেবাক নিৰ্দেশ দিলে।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ বিষয়ে ছেবাই শিক্ষামন্ত্ৰীগৰাকীক জনোৱাত হে তেওঁ এই বিষয়ে অৱগত হ'ল। ৰণোজ পেগুৱে নিজৰ টুইটাৰ হেণ্ডেলত পৰীক্ষা বাতিল সন্দৰ্ভত কৰা টুইটত এই কথা স্পষ্ট হৈছিল।

অসমীয়া বিষয়ৰ প্ৰশ্ন পৰীক্ষাও বাতিল হোৱাৰ পিছত স্বাভাৱিকতে শিক্ষামন্ত্ৰীগৰাকীৰ অধিক সমালোচিত আৰু ককৰ্থনাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত সাংবাদিকৰে হোৱা মুখামুখিত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়, অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি মূল অভিযুক্তজনে স্বীকাৰ কৰাৰ পাছতে মুখ্যমন্ত্রীয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।

প্ৰসংগ ক্ৰমে তেওঁ কয়, ৰক্ষকেই ভক্ষক হ'লে এনে ঘটনা সংঘটিত হয়। যিসকল শিক্ষকৰ ওপৰত আস্থা ৰাখি এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় তেওঁলোকেই যদি এনেকুৱা কামত জড়িত হয় তেন্তে নিশ্চয় এইক্ষেত্রত অন্য কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা লোকেই যেতিয়া এনে কামত জড়িত হৈছে তেন্তে এইক্ষেত্রত উচ্চপৰ্যায়ত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইফালে গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁ কয়, সকলো ব্যৱস্থা তথ্যৰ আধাৰত গ্ৰহণ কৰা হয় ।বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য লাভ কৰাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে।

তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত কয়, আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰি আছে। আৰক্ষীয়ে তেওঁলোকক এই বিষয়ে এতিয়াও কোনো কথা কোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো দিশ স্পষ্ট হ'ব। সেই অনুসৰি ছেবাই ভুল ক্ৰুতিসমূহ বিচাৰ কৰিব।