অসম

ঘিলামৰাৰ দুই মৃত শ্ৰমিকৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী ৰনোজ পেগুৰ আৰ্থিক সাহায্য প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী চকীৰ অন্তৰ্গত কঠালগুৰি বৰালি চাপৰিত বিদ্যুৎস্পৃষ্ট হৈ অপমৃত্যুক সাৱটি লোৱা ঘিলামৰাৰ দুগৰাকী নিৰীহ ব্যক্তিৰ মৃত্যুৰ ঘটনাত শোক স্তব্ধ ঘিলামৰা । শুক্ৰবাৰে বিয়লি  জলজীৱন মিছনৰ আঁচনিৰ এটা বিদ্যুৎ বিভাগৰ  খুঁটা স্থাপন কৰিবলৈ গৈ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নী গাঁওৰ মুকুল চাংমাই (৩৬) আৰু টেঙা আম মাজগাওঁৰ  কুশল চুতীয়া(৩৩)ই বিদ্যুৎ প্ৰবাহিত হৈ অকাল মৃত্যুক সাৱটি লৈছিল।

লগতে বালিয়নী গাঁওৰ গুপ্তমণি চেতিয়া গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হৈ আছে। এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানীৰ ঘিলামৰা উপ সংমণ্ডলৰ সহকাৰী অভিযন্তাই গোগামুখ থানাৰ অন্তৰ্গত গেৰুকামুখ আৰক্ষী চকীত দেওবাৰে এক গোচৰ ৰুজু কৰিছিল ।

এই মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত দৰিদ্ৰ পৰিয়াল দুটাই আৰ্থিক সংকটত ভুগি থকাৰ সময়তে সোমবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগু উপস্থিত হয় দুৰ্ভগীয়া পৰিয়ালৰ মাজত । সোমবাৰে দুপৰীয়া মন্ত্ৰী গৰাকীয়ে দুয়োটা পৰিয়ালৰ আত্মীয় স্বজনৰ লগত মত বিনিময় কৰি দুয়োটা পৰিয়ালক প্ৰায় ২ লাখ টকাকৈ আৰু অসম শক্তি বিতৰণ কেন্দ্ৰ লিমিটেড বিভাগৰ তৰফৰ পৰা ২ লাখ টকাকৈ মুঠ প্ৰতি পৰিয়ালক ৪ লাখ টকাকৈ  সৰ্বমুঠ ৮ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে।

মৃতকৰ আত্মীয় স্বজনৰ সতে বাৰ্তালাপ কৰি মন্ত্ৰী ডাঃ পেগুৱে এককালীন অৰ্থ সাহায্য প্ৰদানৰ সময়ত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলে,অসম শক্তি বিতৰণ বিভাগৰ শীর্ষ বিষয়া সকলো উপস্থিত থাকে। উল্লেখ্য যে বিগত তিনিটা দিনে স্থানীয় বিধায়ক গৰাকী ঢকুৱাখনাত উপস্থিত থকা স্বত্বেও মৃতকৰ ঘৰত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়াল সমূহক এষাৰ মাত দিবলৈ আহৰি নোপোৱাত বিধায়ক গৰাকী সমালোচনাৰ পাত্ৰ হৈছিল।