rangia
rangia 
অসম

ৰঙিয়াত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন...

Asomiya Pratidin

ডিজিটেল ডেস্ক : কৃষক ৰাইজৰ উন্নয়নৰ হকে ৰাজ্য চৰকাৰখনে বিভিন্ন নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰাৰ ব্যৱস্থা। ইয়াৰ বাবে স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষক ৰাইজে চৰকাৰক পোনপটীয়াকৈ প্ৰতি কুইন্টলত ২০৪০ টকা দৰত নিজ উৎপাদিত ধান বিক্ৰী কৰিব পাৰিব।

তেনে এটি ধান ক্ৰয় কেন্দ্ৰ বৃহস্পতিবাৰে কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ নিজ বড়িগুগ গাঁৱত উদ্বোধন কৰা হয়। অসম খাদ্য আৰু যোগান নিগম লিমিটেডৰ উদ্যোগত স্থাপন হোৱা উক্ত ধান ক্ৰয় কেন্দ্ৰটো উদ্বোধন কৰে কামৰূপৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি আই এ এচ জাৱীৰ ৰাহুল সুৰেশে।

উদ্বোধনী ভাষণত মহকুমাধিপতি গৰাকীয়ে ৰাইজক কৃষি বিভাগে আগবঢ়োৱা অন্যান্য সা-সুবিধাৰ লগতে ধান ক্ৰয় কেন্দ্ৰৰ পূৰ্ণ লাভালাভ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। উক্ত সভাখনত কামৰূপ জিলা কৃষি বিভাগৰ ন'ডেল বিষয়া মানস প্ৰতীম মহন্ত, ধান ক্ৰয় কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল শৰ্মা, বহু কেইজন সমাজসেৱীৰ লগতে স্থানীয় কৃষকসকলো উপস্থিত থাকে।